গুৱাহাটীঃ শংকৰী আৰু সত্ৰীয়া সংস্কৃতি নহয়, সত্ৰসমূহত এতিয়া চলিছে আৰ এছ এছৰ সংস্কৃতিৰ চৰ্চা। সত্ৰীয়া নীতি-আদৰ্শক বিসৰ্জন দি শাসনাধিষ্ঠিত বিজেপি দলৰ একাংশ নেতা-কৰ্মীৰ উদ্যোগত সত্ৰসমূহ আৰ এছ এছৰ প্ৰশিক্ষণৰ ঘাটি স্বৰূপ হৈ পৰা দেখা গৈছে।
বিশেষকৈ ৰাজ্যত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছতে অতি সংগোপনে আৰ এছ এছৰ নেতৃবৃন্দই অসমৰ বিভিন্ন সত্ৰত প্ৰশিক্ষনৰ ঘাটি পতা বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈ অহা পৰিলক্ষিত হৈছে।
সময়ে সময়ে উঠি অহা এই অভিযোগ সত্য প্ৰমাণিত হৈছে গুৰুজনাৰ জন্মস্থান সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবাহক বটদ্ৰৱা সত্ৰত৷ উত্থাপিত অভিযোগ অনুযায়ী মহাপুৰুষজনাৰ স্মৃতি বিজড়িত পূণ্য ভূমিখণ্ড এতিয়া পৰ্যবসিত হৈছে আৰ এছ এছৰ ঘাটিলৈ।
বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, আৰ এছ এছৰ কেইবাগৰাকীও শীৰ্ষ বিষয়ববীয়াই বটদ্ৰৱাৰ বিধায়িকাগৰাকীৰ নিৰ্বাচনী এজেন্ট তথা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকগৰাকীৰ নেতৃত্বত চলি থকা সংগঠনৰ বিভিন্ন গোপন কৰ্মসূচী পৰ্যবেক্ষণো কৰা বুলি জানিব পৰা গৈছে৷
বিগত সময়ছোৱাত ভিতৰি ভিতৰি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানখনক আৰ এছ এছে নিজৰ কৰ্মসূচী প্ৰচাৰৰ ঘাটিলৈ পৰিণত কৰি থকাৰ পিছত বৰ্তমান মুকলিভাৱে চলাইছে প্ৰশিক্ষণ পৰ্ব৷
বিজেপিৰ আৰ এছ এছৰ শীৰ্ষ নেতৃত্বৰ লগতে বিজেপিৰ বিভিন্ন নেতা-মন্ত্ৰীক তোষামোদ কৰি নিজৰ ৰাজনৈতিক অভিষ্ট সিদ্ধি কৰিবলৈ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকজনে সংগঠনৰ বিভিন্ন কাম-কাজৰ ঘাটি হিচাপে বটদ্ৰৱা থানখনক অবাধে ব্যৱহাৰ কৰা বুলি ৰাইজে অভিযোগ কৰিছে ৷ গুৰুজনাৰ প্ৰতিচ্ছবিৰ পৰিৱৰ্তে সত্ৰৰ ভিতৰত হেডগোৱেৰৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰা কাৰ্যকো সহজভাৱে ল'ব পৰা নাই সত্ৰীয়া নীতি-আদৰ্শৰে পৰিচালিত বহু লোকে।
সাধাৰণতে গুৰুজনাৰ একশৰণ নামধৰ্ম, সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ লগত জড়িত অনুষ্ঠান-প্ৰতিষ্ঠানক নীতি-নিয়মৰ আধাৰত আবেদনৰ পিছত কোনো কাৰ্যসূচী আয়োজন কৰিবলৈ পৰিচালনা সমিতিৰ পৰা প্ৰয়োজনীয় অনুমতি লোৱাতো নিয়ম।
তেনেস্থলত বটদ্ৰৱা থানৰ পৱিত্ৰ নৈমিষা ক্ষেত্ৰত স্থানীয় যুৱকসকলক আৰ এছ এছৰ বিভিন্ন কৰ্মৰ প্ৰশিক্ষণ প্ৰদানৰ লগতে বিভিন্ন কাৰ্যসূচী আয়োজন কৰিবলৈ দিয়া কাৰ্যই ঐতিহ্যমণ্ডিত থানখন যে এতিয়া আৰ এছ এছৰ বিভিন্ন কৰ্ম কাণ্ডৰ ঘাটি পৰিণত হৈছে বুলি মন্তব্য কৰিছে সচেতন মহলে ৷
উল্লেখ্য যে নিজস্ব সংবিধানসহ বটদ্ৰৱা থানৰ এখন পৰিচালনা সমিতি আছে। এই পৰিচালনা সমিতিৰ সভাপতি আৰু উপ-সভাপতিৰ দায়িত্বত আছে শ্ৰীশ্ৰীশ'লগুৰি আৰু শ্ৰীশ্ৰীনৰোৱা সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ দুগৰাকী। ইয়াৰ লগতে পৰিচালনা সমিতিত আছে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ গণ্য মান্য ব্যক্তি।
সংবিধানৰ আধাৰত গঠিত এখন পৰিচালনা সমিতি থকাৰ পিছতো কেইজনমান মুষ্টিমেয় লোকৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত কেনেকৈ আৰু কি কাৰণত আৰ এছ এছে এনেদৰে ঘাটি পাতিবলৈ পালে বুলি স্থানীয় সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।