ডিজিটেল ডেস্কঃ আপুনি বাৰু কিমান জলকীয়া খাব পাৰে? আৰু তাতে যদি আপোনাক খাব দিয়া হয় ভোট জলকীয়া? হয়তো আপুনি তেতিয়া গোটেই দিনটো বাথৰুমতে কটাব লাগিব৷
কিন্তু চীনৰ এজন ব্যক্তিয়ে মাত্ৰ ষাঠি চেকেণ্ডতে পোন্ধৰটা ভোট জলকীয়া খায় লাভ কৰিলে পুৰস্কাৰ। চীনৰ নিনচিয়াং চহৰত অনুষ্ঠিত জলকীয়া খোৱা প্ৰতিযোগীতা খনত অংশগ্ৰহণ কৰে এশৰ অধিক প্ৰতিযোগীয়ে।
আচলতে চীনৰ নিনচিয়াং চহৰৰ পৰম্পৰাগত স্পাইচি খাদ্যভ্যাসলৈ পৰ্যটকক আকৰ্ষণ কৰিবলৈকে অনুস্থিত কৰা হয় এনে এখন ব্যতিক্ৰমী প্ৰতিযোগীতা৷ পানীৰ টাবত বহুৱাই হাতত মুখ মচা পেপাৰ দি সাধ্যানুসাৰে খাবলৈ দিয়া হয় ভোট জলকীয়া৷
প্ৰতিযোগীতাৰ অন্তত মাত্ৰ ষাঠি চেকেণ্ডত পোন্ধৰটা ভোট জলকীয়া খায় চ্যু’ নামৰ ব্যক্তিজনে লাভ কৰে আকৰ্ষণীয় পুৰস্কাৰ৷