নতুন দিল্লীঃ অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিৰ ওপৰত নিৰ্বাচনী আয়োগৰ এক তৎকালীন নিৰ্দেশ। সমাগত দিল্লী পৌৰসভা নিৰ্বাচনৰ সময়তে দলটোক কঢ়া নিৰ্দেশ জাৰী কৰিছে নিৰ্বাচন আয়োগে৷ এই নিৰ্দেশমৰ্মে ৰাজধানী চহৰখনৰ সকলো চৰকাৰী হৰ্ডিঙৰ পৰা দলটোৱে আতৰাব লাগিব 'আম’ নাম৷
৪৮ ঘন্টাৰ ভিতৰত কাৰ্যকৰী কৰিব লাগিব এই নিৰ্দেশ৷ চহৰখনৰ হৰ্ডিং, বেনাৰ আদিত আপে জাৰী কৰা বিভিন্ন আঁঁচনিসমুহৰ কথা উল্লেখ আছিল৷ এনে কিছু আঁচনি হৈছে 'আম আদমী মহিলা ক্লিনিক’, 'আম আদমী বাইপাছ এক্সপ্ৰেছ চাৰ্ভিছ’ ইত্যাদি৷
দিল্লীৰ বিধানসভাৰ বিৰোধী দলৰ বিজেপি নেতা বিজেন্দ্ৰ গুপ্তাই এই বিষয়ে আপত্তি কৰি কৈছিল যে এই হৰ্ডিংসমুহৰ পৰা আম আদমী পাৰ্টিয়ে প্ৰচাৰ লাভ কৰিছে৷ নেতাজনৰ উক্ত আপত্তিৰ পিছতেই নিৰ্বাচনী আয়োগৰ মুখ্য সচিবে দলটোক এই নিৰ্দেশ দিয়ে৷