![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/mastrb.jpg?itok=JVWJ-e9l)
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত চিথিলাৰ বগৰীগুৰী গাওঁৰ দশম শ্ৰেণীৰ ছাত্ৰী তথা নাবালিকা কিশোৰী এগৰাকীক একে গাঁৱৰে গাজী ৰহমান পৰামানিক নামৰ লম্পট শিক্ষক এজনে বলাৎকাৰ কৰাৰ এমাহ উকলি যোৱাৰ পিছতো আৰক্ষীয়ে ধৰ্ষণকাৰী শিক্ষকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
ঘটনা সন্দৰ্ভত যোৱা ২২ ফেব্ৰুৱাৰীত শিক্ষক গৰাকীৰ বিৰুদ্ধে ধৰ্ষিতা নাবালিকা কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গই ফকিৰাগ্ৰাম থানাত এজাহাৰ দাখিল কৰিছিল ৷ এজাহাৰত উল্লেখ কৰা মতে যোৱা ২১ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৭ বজাত নাবালিকা কিশোৰী গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট শিক্ষক গাজী ৰহমান পৰামানিকে কিশোৰী গৰাকীৰ মূখত সোপা দি বলপূৰ্বকভাৱে উঠাই লৈ নিৰ্জন ঠাইত বলাৎকাৰ কৰি মূমূৰ্ষ অৱস্থাত পেলাই থৈ গুছি যায় ৷
প্ৰথম অৱস্থাত কিশোৰী গৰাকীয়ে ওচৰ চুবুৰীয়াৰ ঘৰত ফুৰিবলৈ যোৱা বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছিল যদিও বহু দেৰিলৈ ঘৰত উপস্থিত নোহোৱাত পৰিয়ালৰ লোকে পিছত ওচৰ চুবুৰীয়াৰ সহযোগত বিচাৰ খোচাৰ কৰি নিশাৰ ভাগত নিজ ঘৰৰ পৰা কিছু দূৰৈৰ বগৰীগুৰী শ্মশান মন্দিৰৰ কাষত থকা নিৰ্জন ঠাইত অচেতন অৱস্থাত নাবালিকা কিশোৰী গৰাকীক উদ্ধাৰ কৰে ৷
পিছত শিক্ষক গৰাকীৰ কু-কৰ্মৰ বিষয়ে নাবালিকা কিশোৰী ৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰাত যোৱা ২২ ফেব্ৰুৱাৰীত লম্পট শিক্ষকজনৰ বিৰুদ্ধে ফকিৰাগ্ৰাম থানাত এজাহাৰ দাখিল কৰে যদিও আজিলৈ আৰক্ষীয়ে লম্পট শিক্ষকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত জিলা অামছুৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
অাজি এক প্ৰেছ বিবৃতিত অামছুৰ জিলা সভাপতি অানোৱাৰ হুছেইনে ঘটনাটোক তীব্ৰ গৰিহণা দি এসপ্তাহৰ ভিতৰত লম্পট শিক্ষক গাজী ৰহমান পৰামানিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহলে অহা ৫ এপ্ৰিলত কোকৰাঝাৰ জিলা বন্ধৰ ঘোষনা কৰা হব বুলি ভাবুকি প্ৰদান কৰিছে ৷ বিবৃতিত লম্পট শিক্ষক গৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰি জোঁৱাইৰ দৰে সন্মান কৰিছে বুলিও অভিযোগ কৰি এশ এবুৰি অসামাজিক কাৰ্যকলাপত জড়িত থকা লম্পট শিক্ষকজনক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ আৰত গভীৰ ৰহস্য লুকাই থকা বুলিও সন্দেহ ব্যক্ত কৰিছে ৷
উল্লেখ্য যে ইতিমধ্যে অভিযুক্ত শিক্ষক গাজী ৰহমান পাৰমানিকক বিভাগীয় কৰ্তৃপক্ষই নিলম্বন কৰিছে অাৰু শিক্ষকজন সম্প্ৰতি পলাতক অৱস্থাত অাছে বুলি জানিব পৰা গৈছে।