ডিজিটেল ডেস্কঃ পথৰ দাতিৰ নলাত পৰি আছিল এটি প্লাষ্টিকৰ বেগ। উপ-পথৰ দাতিৰে মানুহ আহিছে আৰু গৈছে। কিন্তু এগৰাকী লোকৰ বেগটোৰ ওপৰত পৰিল চকু।

লোকজনে নলাৰ পৰা বেগটো উঠাই আনে খুলি চাই আঁচৰিত হ'ল কিয়নো বেগটোৰ ভিতৰত আছিল এটি কেচুৱা। নলাত পৰি থকা বেগটোত ছাই মিহলাই থোৱা আছিল। কোনেও হয়তো ভবা নাছিল সেই ছাই ভৰ্তি বেগত থাকিব পাৰে এটি কেচুৱা৷

এই ঘটনা সংঘটিত হৈছে ইন্দোৰৰ ৰতলাম নামৰ ঠাইত। মঙলবাৰৰ পুৱাই উদ্ধাৰ হয় জীৱীত কেচুৱাটো। ৰাকেশ চাৱৰে নামৰ ব্যক্তি জনে কিছু অসামান্য  ছাই ভৰ্তী প্লাষ্টিকৰ বেগতো খুলি চাইছিল৷

বেগটো খুলি চোৱাতহে ওৰহীৰ ওৰ ওলাল৷ ছাইত মিহলী এটি সদ্যোজাত পানী কেচুৱা৷ জীৱিত  কন্যা কেচুৱাটো উদ্ধাৰৰ কখা লগে লগে আৰক্ষীক খবৰ দিয়াৰ লগতে চিকিৎ ওচৰলৈ নিয়ে৷  

বৰ্তমান হস্পিতালত শিশু বিশেষজ্ঞ ডাঃ ঘনশ্যাম পাতিদাৰে চিকিৎসা কৰি সুস্থ কৰে শিশুটোক৷ জানিবলৈ পোৱা মতে, ৮ মাহ গৰ্ভত থাকি জন্ম হোৱা কেচুৱাটোৰ নাভি লাগিয়ে আছিল সেই সময়লৈ৷ ইয়াৰ পৰাই অনুান কৰা হয় যে সেই মাত্ৰ আধা ঘন্টামান পূৰ্বে হে জন্ম পাইছিল কেচুৱাটো৷