ডিজিটেল ডেস্কঃ বিতৰ্কই লগ এৰা নাই পদ্মাৱতীক৷ প্ৰথমে মূখ্য অভিনেত্ৰী দীপিকাক টুইটাৰ যোগে বিৰোধ সূচক মন্তব্য কৰাৰ পিছত হৈ চৈ লাগিছিল।
আনকি বিজেপি নেতা সুব্ৰমনিয়াম স্বামী আৰু যোগী আদিত্য নাথেও টুইট কৰে অভিনেত্ৰীৰ বিৰুদ্ধে৷ তাৰ পিছত আক্ৰমণৰ লক্ষ্য কৰি লয় ছবি খনৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীক৷ অখণ্ড ৰাজপুত সেৱা সংঘৰ নেতা আৰ পি সিঙে ভাঞ্চালীৰ বিৰোধীতা কৰি তেওঁৰ মুুৰটো যিয়ে আনি দিব তাক পুৰষ্কাৰ হিচাপে ৫ কোটি টকা দিব বুলিও ঘোষনা কৰে৷
এইবাৰ আকৌ পদ্মাৱতীৰ বিৰুদ্ধে মুখ খুলিছে আজমেৰ দৰগাহ কৰ্তৃপক্ষই। চইদ জাইনুল আবেদিন আলি খানে ধর্মীয় ভাবধাৰাক আঘাত দিয়াৰ বাবে পৰিচালক সঞ্জয় লীলা ভাঞ্চালীক চলমন ৰুশ্বদি আৰু তচলিমা নাচৰিনৰ সৈতে একে শাৰীতে ৰাখে৷
সন্ত্রাসবাদ তথা পাকিস্তানৰ বিৰোধিতাত কথা কলেও এইয়ে প্রথম 'পদ্মাৱতী' বিতর্কত মুখ খুলিলে খাজা মইনুদ্দিন চিস্তি দৰগাহৰ দেৱান জাইনুৱাল আবেদিন আলি খানে। তেওঁ কয়, সঞ্জয় লীলা ভাঞ্চালী পৰিচালিত 'পদ্মাৱতী'য়ে ধর্মীয় ভাৱৰ ওপৰত আঘাত হানিছে।
সেই কাৰণে বোলছবিৰ বিৰুদ্ধে প্রতিবাদ যুক্তি সন্মত বুলি কয় আবেদিন আলিয়ে। ছবিত আলাউদ্দিন খিলজি আৰু পদ্মাৱতীৰ মাজত যি 'আপত্তিকৰ' দৃশ্য থকা বুলি অভিযোগ আছে, সেইবোৰে ৰাজপুতৰ আত্মসন্মানত আঘাত দিছে বুলি জনায় তেওঁ। এই সকলো দৃশ্য ছবিৰ পৰা বাদ দিয়াৰ দাবি তুলিছে আবেদিনে।