ডিজিটেল ডেস্কঃ ১৯৭১ চনত দক্ষিণ কলকতাৰ পৰা সাংসদ নিৰ্বাচিত হৈ দেশৰ ৰাজনীতিত পৰিচিত হৈ পৰা কংগ্ৰেছ নেতা প্রিয়ৰঞ্জন দাস মুন্সিৰ সোমবাৰে মৃত্যু হয়। ইউপিএ চৰকাৰৰ সময়ৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী কংগ্ৰেছ নেতা প্ৰিয়ৰঞ্জন দাসমুন্সিৰ সোমবাৰে মৃত্যু হোৱাত শোক ছাঁ পৰে গৃহ ভূমি পশ্চিম বংগত৷ ৯ বছৰ ধৰি দিল্লীৰ এইমছত চিকিৎসাধিন হৈ আছিল মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীৰ সোমবাৰে বিয়লি ১২.১০ বজাত মৃত্যু হয়৷
২০০৮ চনত হৃদ ৰোগত আক্ৰান্ত হৈ মাত-বোল কৰিব নোৱাৰাৰ লগতে মানুহৰ চিনাকী পাহৰি গৈছিল। পিছত দিল্লীৰ এপ’লো হাস্পাতালত আছিল কংগ্রেছৰ প্রাক্তন সাংসদ প্ৰিয়ৰঞ্জন। মৃত্যুৰ সময়ত তেওৰ বয়স হৈছিল ৭২ বছৰ। মৃত্যুৰ সময়ত তেও ইহসংসাৰত এৰি থৈ যায় পত্নী দীপা দাশমুন্সি৷ চিকিৎসকে জানিবলৈ দিয়া অনুসৰি মস্তিষ্কত ৰক্ত প্ৰৱাহ বন্ধ হোৱাৰ বাবেই সকলো শাৰীৰিক ক্ৰিয়া বন্ধ হৈ পৰিছিল দাসমুন্সিৰ৷
উল্লেখ্য যে, ১৯৯৯ চনৰ পৰা ২০০৯ চনলৈ সংসদৰ সদস্য আছিল তেওঁ৷ তেওৰ মৃত্যুত ক্ৰীড়া জগতেও শোক প্ৰকাশ কৰে৷ প্ৰায় ২০ বছৰ ধৰি তেওঁ ভাৰতীয় ফুটবল ফেডাৰছনৰ সভাপতি পদৰ দায়িত্ব পালন কৰিছিল৷ ১৯৮৫ চনত ৰাজীন গান্ধীৰ মন্ত্ৰী সভাত প্ৰথমবাৰৰ মন্ত্ৰী হৈছিল তেও।