![প্ৰতীক ফটো প্ৰতীক ফটো](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/oil-tankers_20140909.jpg?itok=aDd6SgtL)
মুৰফুলনিঃ চোৰাং পেট্ৰ'ল, ডিজেল সৰবৰাহৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গোলাঘাটৰ ৰঙাজানৰ পৰা থুৰামুখ তথা নামবৰ অভিমুখী ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা। যোৱা ১২ এপ্ৰিলৰ নিশা ইয়াতেই গোলাঘাট আৰক্ষীয়ে চোৰাং তেল পৰিবাহী দুখন টেংকাৰ জব্দ কৰে।
এই ঘটনাৰ পিছত বুধবাৰে পুনৰ অভিযান চলাই ঘাইপথটোৰ কাষত অৱস্থিত নামবৰ ধাবাৰ সমীপৰ পৰা এম.এন-০১-৭০৩৪ আৰু এম.এন-০১-৬১৭৬ নম্বৰৰ টেংকাৰ দুখন জব্দ কৰাৰ লগতে ধাবাখনৰ মালিক তোষেশ্বৰ ফুকনক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে এই দুখন টেংকাৰে তিনিচুকীয়াৰ পৰা মণিপুৰলৈ তেল কঢ়িয়াই আনিছিল।
এইদৰে তেল চুৰি কৰাৰ মানসেৰে বহুকেইখন ধাবা গঢ় লৈ উঠিছে এলেকাটোত। ড্ৰাইভাৰ, হেণ্ডিমেনে আহাৰ খাই জিৰণি লোৱাৰ চলেৰে ঘণ্টা জুৰি ধাবাত অপেক্ষা কৰি টেংকাৰৰ তেল অতি কম দামত বিক্ৰী কৰি আহিছে আৰু আৰক্ষীৰ অভিযানতো এই কথা পোহৰলৈ আহিছে।
পূৰ্বৰ আৰক্ষী অধীক্ষক পি পি সিঙেও ইতিপূৰ্বে অভিযান চলাই বৃহৎ পৰিমাণৰ পেট্ৰ'ল, ডিজেল জব্দ কৰি ভালেকেইজনক গ্ৰেপ্তাৰ কৰিছিল যদিও পৰৱৰ্তী সময়ত পূৰ্বতকৈও দুগুণ হাৰত চোৰাং ব্যৱসায় গঢ় লৈ উঠাৰ অভিযোগ উত্থাপিত হৈছে। থুৰামুখৰ গোৱালা উপাধিৰ এজনেও এনেদৰে তেল চুৰি কৰি কম সময়ত ধনৱন্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
বিভিন্ন পক্ষৰ লগত গোপন বুজাবুজিৰে চলাই থকা এই ব্যৱসায়ৰ কথা আৰক্ষীয়ে জনাৰ পিছত গোৱালাই তেল চুৰিৰ কৌশল সলনি কৰি টেংকাৰৰ তেল ড্ৰামত ভৰাই এখন ৰঙা ৰঙৰ বলেৰ' গাড়ীত তেলৰ ড্ৰাম ভৰাই বগীজানৰ অজ্ঞাত স্থানলৈ চালান দিয়ে বুলি জানিব পৰা গৈছে। গোলাঘাট আৰু বগীজান থানাৰ পৰা এলেকাটো বহু দূৰ হোৱাৰ বাবে অতি কম সময়ত তেল চুৰি কাৰ্য্য সম্পূৰ্ণ কৰি কোনো প্ৰমাণ নোহোৱা কৰে বুলি একাংশ প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে।