গোলোকগঞ্জঃ ধুবুৰী চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগত মটেৰঝাৰ অঞ্চলৰ কেবাশ বছৰ পূৰণি এটা মন্দিৰৰ অৱস্থিতিয়ে অঞ্চলটোক ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ কৰি তুলিছে। মহাৰাজ নৰনাৰায়ণৰ দিনৰ এই মন্দিৰটোক বিশেষ গুৰুত্ব দিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে।
১৯৫২ চনত গোলকগঞ্জ জগমোহন হাইস্কুলৰ প্ৰধান শিক্ষক ভূৱন চন্দ্ৰ প্ৰধানীয়ে বিদ্যালয়ৰ পৰা ৩০০গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ মঠটোত উপস্থিত হৈ জংঘল কটা আৰম্ভ কৰে। ইয়াৰ দুই-তিনি দিন পিছত মঠটো সম্পূৰ্ণকৈ ওলাই পৰে।
শিক্ষকগৰাকীয়ে লগে লগে তদানীন্তন গোৱালপাৰা জিলাৰ উপায়ুক্ত লক্ষেশ্বৰ শৰ্মাক এই বিষয়ে অৱগত কৰে। ইয়াৰ পিছতে উপায়ুক্ত উপস্থিত হৈ মঠটো উন্নীতকৰণৰ বাবে কিছু সাহায্য আগবঢ়ায়। মঠটোৰ ওপৰৰ চূড়াটো গছ-গছনিৰ হেচাত ভাঙি গৈছিল। উপায়ুক্তৰ উপস্থিতিত উক্ত ঠাইত খনন আৰম্ভ হয়।এই খনন কাৰ্য্যত মাটিৰ পাত্ৰ আৰু ৰূপৰ মুদ্ৰা উদ্ধাৰ হয়।
স্থানীয় দিব্য নাথ শৰ্মাই মূদ্ৰাৰ লিপিৰ পাঠ উদ্ধাৰ কৰে। লিপিৰ পাঠ এনে ধৰণৰঃ শ্ৰী শ্ৰী শিৱচৰণ মধূকৰ মহাৰাজ নৰনাৰয়ণ। ইয়াৰ দ্বাৰা ঠাৱৰ কৰা হয় য়ে মঠটো মহাৰাজ নৰনাৰায়ণ বা তেওঁৰ কোনো বংশধৰে সজোৱা আৰু মন্দিৰটো শিৱ মন্দিৰ।
মন্দিৰটোৰ উত্তৰ ফালে এটা যুগল মূৰ্তি বেৰত আৰি থোৱা আছে। খনন কাৰ্য চলি থকা অৱস্থাত মন্দিৰৰ চাৰিওফালে প্ৰাচীন ইটাৰে গথা দেৱালৰ ভগ্নাৱশেষ ওলাই পৰে। কিন্ত প্ৰত্নতত্ত্ব বিভাগে ঠাইখনত কেৱল এখন ফলক আঁৰিয়েই দায়িত্ব সামৰা পৰিলক্ষিত হৈছে। মন্দিৰটো বৰ্তমান জহি-খহি যোৱাৰ পিছতো প্ৰত্নতাত্বিক বিভাগৰ পৰা মেৰামতিৰ কোনো ব্যৱস্থা হাতত নোলোৱাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।