বিশেষ প্ৰতিবেদনঃ পিঁয়াজ অবিহনে জুতি লগাকৈ খাদ্য প্ৰস্তুতৰ কথা ভাবিবই নোৱাৰি। বিশেষকৈ মাছ-মাংস ৰান্ধিলে পিঁয়াজ অপৰিহাৰ্য হৈ পৰে। সাৱধান হৈ নাকাটিলে কটাৰ সময়ত পিঁয়াজে চকুৰ পানী উলিয়াই দিবলৈকো সাজু হৈ থাকে। কেৱল যে কাটিলেই চকুপানী উলিয়াই সেয়া নহয়, পিঁয়াজৰ দামেও বহু সময়ত সৰ্বসাধাৰণক জ্বলা-কলা খুৱাই আহিছে। 

সেয়া হ’লেও বিগত কেবা শতিকাধৰি পৃথিৱীৰ প্ৰায়বোৰ দেশতে পিঁয়াজ হৈ পৰিছে মানুহৰ দৈনন্দিন খাদ্যভ্যাসৰ প্ৰয়োজনীয় উপাদান। বিপৰীতে মাংস আজিও অধিকাংশ দেশতে বিলাসী ভোজনেই হৈ আহিছে। পিঁয়াজৰ দামে বজাৰত জুই জ্বলালেও আমি জনাত মাংসৰ তুলনাত ইয়াৰ দাম তেনেই কম। কিন্তু পৃথিৱীত এনে দেশো আছে য’ত মাংসতকৈয়ো পিঁয়াজৰ দাম কেবাগুণে অধিক। মাংসতকৈয়ো পিঁয়াজ অধিক দাম দি কিনিবলগীয়া এই দেশখনেই হৈছে ফিলিপাইনছ।

ফিলিপাইনছত যুগ যুগ ধৰি মানুহে ৰন্ধা-বঢ়াত পিঁয়াজ, নহৰু দি আহিছে। পিঁয়াজ-নহৰু ব্যৱহাৰ কৰি খাদ্য ৰন্ধাৰ প্ৰথা ফিলিপাইনছত আৰম্ভ হৈছিল স্পেনিছসকলৰ শাসনৰ সময়তে। ১৫২১ চনৰ পৰা ১৮৯৮ চনলৈ চলা স্পেনিছ শাসনকালতেই ফিলিপাইনছৰ লোকসকলৰ খাদ্য-সামগ্ৰীত পিঁয়াজৰ ব্যৱহাৰ অপৰিহাৰ্য হৈ পৰিছিল।

পিঁয়াজে কন্দুৱাইছে ফিলিপাইনছবাসীক

পিঁয়াজ অবিহনে একো খাদ্যতেই সোৱাদ বিচাৰি নোপোৱা ফিলিপাইনছৰ লোকসকলক এতিয়া বাৰুকৈয়ে কন্দুৱাইছে পিঁয়াজে। ফিলিপাইনবাসীৰ বাবে বিগত কিছুদিন ধৰি মাংসতকৈয়ো বিলাসী খাদ্য হৈ পৰিছে পিঁয়াজ। সমগ্ৰ বিশ্বকে আচৰিত কৰি যোৱা প্ৰায় দুই সপ্তাহ ধৰি ফিলিপাইনছৰ বজাৰত মাছ-সাংসতকৈয়ো দাম বাঢ়িছে পিঁয়াজৰ।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী এই সপ্তাহত ফিলিপাইনছত ১ কিলোগ্ৰাম পিয়াঁজৰ দাম হৈছে ১১ ডলাৰ অৰ্থাৎ প্ৰায় ৯০০ টকা। বিপৰীতে দেশখনত এককিলো মাংস পোৱা যায় মাত্ৰ ৪ ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপত ৩০০ টকাত। ফিলিপাইনছৰ যিকোনো চৰকাৰী কৰ্মচাৰীৰ এদিনৰ গড় দৰমহা ৯ ডলাৰতকৈয়ো এক কিলো পিঁয়াজৰ দাম বৃদ্ধি পোৱাত সকলোৱে একপ্ৰকাৰ মূৰে-কপালে হাত দিবলৈ বাধ্য হৈ পৰিছে।  

ইফালে দাম বৃদ্ধি পোৱাৰ পিছতে ফিলিপাইনছৰ খাদ্য আৰু যোগান বিভাগে অবৈধভাৱে মজুত কৰি ৰখা বহুকেইটা পিঁয়াজৰ গুদাম জব্দ কৰিবলৈ সমৰ্থ হৈছে। জানুৱাৰী মাহৰ আৰম্ভণিতেই দেশখনত প্ৰশাসনে জব্দ কৰিছে প্ৰায় ৩ লাখ ১০ হাজাৰ ডলাৰ মূল্যৰ পিঁয়াজৰ ভাণ্ডাৰ। এই বৃহৎ পৰিমাণৰ পিঁয়াজ কাপোৰ কঢ়িয়াই অনা জাহাজত অবৈধভাৱে আমদানি কৰিছিল দেশখনৰ একাংশ অসাধু ব্যৱসায়ীয়ে।

এনে ঘটনাৰ পিছতে ছ’চিয়েল মিডিয়াতো ফিলিপাইনছৰ নেটিজনেসকলে পিঁয়াজক লৈ চৰকাৰক উভতি ধৰা দেখা গৈছে। বহুতেই পিঁয়াজৰ এই নাটনি আৰু দামবৃদ্ধিৰ বাবে চৰকাৰেই জগৰীয়া কৰিছে। আমেৰিকাত বাস কৰা এজন ফিলিপাইনী লোকে টুইট কৰি লিখিছে, 'চকলেটৰ দিন শেষ, এতিয়া পিঁয়াজৰ দিন চলিছে। ফিলিপাইনছত কাৰোবাৰ ঘৰলৈ গ’লে এতিয়া চকলেট নহয়, পিঁয়াজহে নিব লাগিব।’ আন এজনে লিখিছে, 'আমি ছৌদি আৰবৰ পৰা দেশলৈ উভতি যাওতে চকলেট নিনিও, পিঁয়াজহে লৈ যাম।’

আমেৰিকা ভ্ৰমণৰত ফিলিপাইনছৰ আন এজন নাগৰিকে পিঁয়াজৰ গুৰিৰ বটলৰ ফটো শ্বেয়াৰ কৰি লিখিছে, 'ফিলিপাইনছত পিঁয়াজৰ বাকলিও সোণতকৈ দামী হৈ পৰিছে। সেয়ে মই ঘৰলৈ যাবলৈ লৈ আমেৰিকাত পিঁয়াজৰ পাউডাৰৰ এই বটলটো কিনি নিয়াৰ কথা ভাবিছিলো। আমাৰ দেশত বন্ধুসকলক আৰু আলহী-অতিথিসকলক এই বটলবোৰ উপহাৰ দিলোহেতেন। কিন্তু ৫ খন ছুপাৰমাৰ্কেট বিচাৰিও এখনতো বস্তুটো নাপালো। ছেলছগাৰ্ল এগৰাকীক সোধোতে ক’লে যে ফিলিপাইনছৰ পৰা অহা এজন বিৰাট ধনী মানুহে গোটেই ষ্টকেই কিনি লৈ গ’ল।’

ফিলিপাইনছৰ ৰাজধানী মেনিলাত কৰ্মৰত নিকোলাছ মাপা নামৰ আগশাৰীৰ বেংক বিষয়াএগৰাকীয়ে বিবিচিৰে হোৱা সাক্ষাৎকাৰত কয় যে বিগত কিছুদিন ধৰি চহৰখনৰ হোটেল-ৰেস্তোৰাসমূহত পিঁয়াজ নিদিয়াকৈয়ে খাদ্যসামগ্ৰী বিক্ৰী কৰি থকা হৈছে। মাপাই জনোৱা মতে, এসপ্তাহ আগলৈকে মেনিলাৰ হোটেলসমূহত বাৰ্গাৰৰ সৈতে পিঁয়াজৰ ছাটনি আৰু টুকুৰা দিয়া হৈছিল। কিন্তু এতিয়া পিঁয়াজ নহ’লেই নোহোৱা প্ৰতিটো আইটেমেই ম্যেনুত বিচাৰি পাবলৈ নাই। 

'পিঁয়াজ দিবলৈ হ’লে ৰেষ্টুৰেণ্টসমূহে আইটেমবোৰৰ দাম বঢ়াই দিব লাগিব। কিন্তু সেয়া কৰিলে গ্ৰাহকেই নাপাব। সেয়ে তেওঁলোকে পিঁয়াজ দিয়াটোৱেই বন্ধ কৰি দিছে।’- মাপাই কয়।

এনে এক পৰিস্থিতিত খাদ্য প্ৰস্তুতৰ সৈতে জড়িত ব্যৱসায়ীসকলে এতিয়া নামি পৰিছে পিঁয়াজৰ বিকল্পৰ সন্ধানত। দেশখনৰ প্ৰখ্যাত শ্বেইফ জেম মেলছোৰে ইতিমধ্যে পিঁয়াজৰ পৰিৱৰ্তে স্থানীয় লছোনা নামৰ পিঁয়াজজাতীয় মচলাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। আকাৰত আঙুৰৰ দৰে সৰু লছোনাৰ সোৱাদ পিঁয়াজতকৈ অলপ বেলেগ হ’লেও খাদ্যৰসিকসকলে ইয়াত পিঁয়াজৰ সোৱাদেই বিচাৰি পাব বুলি আশাবাদী শ্বেইফ মেলছোৰ।

'ৰেষ্টুৰেণ্ট আৰু সাধাৰণ জনতাৰ এইকেইদিন অৱস্থা একেবাৰে তথৈবচ হৈ পৰিছে। এতিয়া পিঁয়াজৰ যি দাম চলি আছে সেয়া সাধাৰণ লোকৰ পক্ষে ঢুকি পোৱাতো সম্ভৱেই নহয়। সেয়ে আমি লছোনাৰ দৰে বিকল্পৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো।’-মেলছোৰে কয়। তেঁও আৰু কয়, 'পিঁয়াজ অবিহনে আমি ফিলিপিনসকলে কিবা এটা খোৱাৰ কথা ভাবিবই নোৱাৰো। আমি যিয়েই ৰান্ধো সেই প্ৰায়বোৰতেই পিঁয়াজ দিওৱেই। পিঁয়াজ ফিলিপাইনছৰ প্ৰতিবিধ ব্যঞ্জনৰ এক অপৰিহাৰ্য অংশ।’

ফিলিপাইনছত কিয় ইমানকৈ বাঢ়িছে পিঁয়াজৰ দাম?

বিশেষজ্ঞসকলৰ মতে ফিলিপাইনছত পিঁয়াজৰ দাম বৃদ্ধি পোৱাৰ দুটা মুখ্য কাৰণ আছে। আগষ্ট মাহত দেশখনৰ কৃষি বিভাগে পিঁয়াজৰ উৎপাদনক লৈ কৰা পূৰ্বানুমানত চাহিদাতকৈ যোগান হ্ৰাস পাব বুলি কোৱা হৈছিল। পৰৱৰ্তী সময়ত পুৰ্বানুমানতকৈও পিঁয়াজৰ উৎপাদন হ্ৰাস পোৱাত পৰিস্থিতি ভয়াৱহ হৈ পৰে। আগষ্ট-ছেপ্টেম্বৰ মাহত দেশখনত হোৱা সামুদ্ৰিক ঘূৰ্ণীৰ বিৰূপ প্ৰভাৱৰ ফলতেই এনেদৰে পিঁয়াজৰ উৎপাদন হ্ৰাস পাইছে বুলি অনুমান কৰা হৈছে।

'আন দেশৰ পৰা পিঁয়াজৰ আমদানি পলমকৈ কৰা হ’ল। যেতিয়া সমগ্ৰ দেশখনতে পিঁয়াজৰ নাটনিয়ে ভয়ংকৰ ৰূপ ল’লে তেতিয়াহে আমদানি আৰম্ভ হ’ল। ফলত পিঁয়াজৰ দামৰ ওপৰত নিয়ন্ত্ৰণ কৰাতো একপ্ৰকাৰ কঠিনতকৈয়ো কঠিন হৈ পৰিল।’-বিশেষজ্ঞসকলৰ মন্তব্য। 

উল্লেখ্য যে, জানুৱাৰীৰ প্ৰথম সপ্তাহতে ফিলিপাইনছৰ চৰকাৰে দাম নিয়ন্ত্ৰণ কৰিবলৈ ২.২ কোটি টন পিঁয়াজৰ আমাদানিত অনুমোদন জনাইছিল। কৃষি আৰু বজাৰ বিশেষজ্ঞ ফাৰ্মিন এড্ৰিয়ানোয়ে চৰকাৰৰ এই সিদ্ধান্তক চোৰ গ’লে বুধি, বৰষুণ গ’লে জাপিৰ সৈতে ৰিজাইছে। এসময়ত ফিলিপাইনছ চৰকাৰৰ কৃষি বিভাগৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰা ফাৰ্মিনে কয়, 'চৰকাৰে আগতেই জানিছিল যে পিঁয়াজৰ উৎপাদন বহুত কম হৈ পৰিছে। তাৰ পিছতো চৰকাৰে হাত সাবটি বহি থাকিল। এয়া দায়িত্বহীনতাৰ বাদে আন একো নহয়। চৰকাৰে বিদেশৰ পৰা বহু আগতেই আমদানিৰ ব্যৱস্থা কৰিব লাগিছিল।’

বোংবোং কাৰবাৰ

ছ’চিয়েল মিডিয়াত ফিলিপাইনছৰ একাংশ লোকে এই সংকটৰ কাৰণে কৃষিক্ষেত্ৰৰ অসংগঠিত ব্যৱস্থাৰ লগতে বিতৰ্কিত ৰাষ্ট্ৰপতি ফাৰ্ণাণ্ডেজ মাৰ্কোজ জুনিয়ৰক জগৰীয়া কৰি আহিছে। বিগত বৰ্ষত ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল ফাৰ্ণাণ্ডেজ মাৰ্কোজ। ফিলিপাইনবাসীৰ মাজত তেওঁক বোংবোং নামেৰে জনপ্ৰিয়। ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছৰে পৰা মাৰ্কোজ জুনিয়ৰে নিজেই কৃষি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। 

মাৰ্কোজ জুনিয়ৰ ফিলিপাইনছৰ পূৰ্বৰ একনায়কত্ববাদী শাসক ফাৰ্ণাণ্ডেজ মাৰ্কোজৰ পুত্ৰ। ১৯৭০-১৯৮০ৰ সময়ছোৱাত একনায়কত্ববাদী শাসনেৰে একপ্ৰকাৰ সমগ্ৰ দেশখনতে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল মাৰ্কোজে। জনতাৰ তীব্ৰ বিৰোধিতাৰ পিছত মাৰ্কোজে গাদী ত্যাগ কৰে আৰু ১৯৮৬ চনত তেওঁৰ গোটেই পৰিয়ালটোৱে দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হয়। ১৯৯১ চনত বোংবোং স্বদেশলৈ উভতি আহে আৰু নিজৰ ব্যৱসায় আৰম্ভ কৰে। ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বে মাৰ্কোজ জুনিয়ৰে গৱৰ্ণৰ আৰু ছিনেটৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। 

নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ত পিতৃয়ে একনায়কত্ববাদী শাসন চলোৱা সময়ছোৱাক ফিলিপাইনছৰ 'স্বৰ্ণযুগ’ বুলি দাবী কৰিছিল ফাৰ্ণাণ্ডেজ মাৰ্কোজ জুনিয়ৰে। সেয়ে এতিয়া ছ’চিয়েল মিডিয়াত মাৰ্কোজ জুনিয়ৰৰ স্বৰ্ণযুগ সন্দৰ্ভত ৰসিকতাৰে ভিন্নজনে মন্তব্য কৰি কৈছে যে বোংবোঙে যি স্বৰ্ণৰ কথা কৈছিল সেয়া আচলতে পিঁয়াজৰ দামৰ কথাহে কৈছিল।

বিশ্বৰ তৃতীয় অধিক উৎপাদন হোৱা ফচলবিধ

বিশ্বৰ ভিতৰতে সৰ্বাধিক পিঁয়াজ আমদানি কৰা দেশসমূহৰ তালিকাত দ্বিতীয় স্থানত আছে ফিলিপাইনছ। ফল আৰু পাচলি বিশেষজ্ঞ ছিণ্ডি ৱান ৰিজস্বিকৰ মতে ফিলিপাইনছত যিমান পিঁয়াজ উৎপাদন হয় তাতকৈ কেবাগুণো অধিক পৰিমাণৰ পিঁয়াজৰ প্ৰয়োজন হয় দেশখনক। এক পৰিসংখ্যা অনুযায়ী ২০১১ চনত দেশখনত পিঁয়াজৰ চাহিদা আছিল ৫০ লাখ কিলোগ্ৰাম। ২০১৬ চনত সেয়া বৃদ্ধি পাই হয়গৈ ১৩.২ কোটি কিলোগ্ৰাম।

'চাহিদা আৰু দামলৈ চাই ফিলিপাইনছে ভাৰত, চীন আৰু হলেণ্ডৰ পৰা পিঁয়াজ ক্ৰয় কৰি আহিছে। দেশখনৰ জলবায়ুৰ বাবেই থলুৱাভাৱে উৎপাদিত পিঁয়াজে চাহিদা পূৰণ কৰাতো সম্ভৱপৰ হৈ উঠা নাই। ফিলিপাইনছত উৎপাদিত পিঁয়াজে দেশখনৰ এমাহৰ চাহিদাও ভালকৈ পূৰণ কৰিব নোৱাৰে।’-ছিন্দিয়ে কয়। তেওঁ আৰু কয়, 'পৃথিৱীত সৰ্বাধিক ব্যৱহৃত পাচলিসমূহৰ ভিতৰত তৃতীয় স্থানত আছে পিঁয়াজ। সেয়ে বিশ্বৰ আটাইতকৈ বেছি খেতি কৰা পাচলিসমূহৰ ভিতৰতো পিঁয়াজৰ স্থান তৃতীয়। পিঁয়াজতকৈ বেছিকৈ খেতি কৰা পাচলি দুবিধ হৈছে তিঁয়হ আৰু বিলাহী।

দেশে দেশে পিঁয়াজৰ দামে কন্দুৱাইছে জনতাক

পিঁয়াজৰ দামে যে কেৱল ফিলিপাইনছবাসীকে কন্দুৱাই আহিছে সেয়া নহয়। পিঁয়াজৰ আকাশলংঘী দামবৃদ্ধিয়ে সময়ে সময়ে ভাৰতকো ত্ৰাহি মধুসূধন সোঁৱৰাই আহিছে। ভাৰতত পিঁয়াজৰ দাম নিৰ্বাচনৰ সময়ত ৰাজনৈতিক ইছ্যুও হৈ পৰে।

শেহতীয়াকৈ ফিলিপাইনছৰ লগতে ব্ৰাজিলতো পিঁয়াজৰ দাম বৃদ্ধিয়ে জনতাৰ চকুপানী উলিওৱাৰ খবৰ প্ৰকাশ পাইছে। অৱশ্যে ফিলিপাইনছত যিদৰে পিঁয়াজৰ দামে মাংসকো চেৰ পেলাইছে ঠিক তেনে পৰিস্থিতি এই পৰ্যন্ত ব্ৰাজিলত উদ্ভৱ হোৱা নাই। ব্ৰাজিলৰ চৰকাৰী তথ্য অনুযায়ী ২০২২ চনত দেশখনত পিঁয়াজৰ দামে সকলো অভিলেখ ভংগ কৰিছে। 

বিশ্বৰ ভিন্নপ্ৰান্তত এনেদৰে হঠাৎ পিঁয়াজৰ দাম বৃদ্ধি পোৱাৰ মূলতেই হৈছে ইয়াৰ খেতিত পৰা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু ৰাসায়নিক দ্ৰব্যৰ দামবৃদ্ধি। ৰুছ-ইউক্ৰেইন যুদ্ধৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত কীটনাশক আৰু ৰাসায়নিক সাৰৰ দাম অত্যাধিক বৃদ্ধি পোৱাৰ ফলতেই পিঁয়াজৰ উৎপাদন ব্যয়ো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এনে পৰিপ্ৰেক্ষিততে এতিয়া বজাৰত হোৰাহোৰে বৃদ্ধি পাইছে পিঁয়াজৰ দাম। অৱশ্যে এইক্ষেত্ৰত ফিলিপাইনছত পিঁয়াজৰ দামবৃদ্ধিয়ে মাংসকো চেৰ পেলোৱাত সম্প্ৰতি সমগ্ৰ বিশ্বতে এয়া চৰ্চাৰ বিষয় হৈ পৰিছে।