ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীৰ ভূস্বৰ্গ হৈ পৰিছে পাকিস্তান৷ পাকিস্তানৰ বিৰুদ্ধে এই অভিযোগ ভাৰতে বহুবাৰ উত্থাপন কৰিছে৷ কিন্তু পাকিস্তানৰ বিৰুদ্ধে এইবাৰ এই অভিযোগ উত্থাপন কৰিলে আমেৰিকাই৷ বাশ্বিংটনৰ মতে পাক গুপ্তচৰ সংস্থা ISIৰ সৈতে পাক সন্ত্ৰাসবাদীৰ সম্পৰ্ক থকা বুলি কয়৷ ইয়াৰ প্ৰমাণো থকা বুলি কয় বাশ্বিংটনে৷

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উচ্চস্তৰীয় বিষয়া যোচেপ ডানফোৰ্ডে কয় "পাকিস্তান চৰকাৰে যেতিয়াই সন্ত্ৰাসবাদ ধ্বংস কৰাৰ উদ্যোগ গ্ৰহণ কৰে তেতিয়াই ISIয়ে নিজ ইচ্ছা মতে কাম-কাজ কৰে''৷ কেৱল ইমানে নহয় মাৰ্কিন প্ৰতিৰক্ষা সচিব জেমচ ম্যাটিচে কয়, "পৃথক নীতি পৃথক আইন তৈয়াৰ কৰিছে পাক গুপ্তচৰ সংস্থা ISIয়ে''৷

''সন্ত্ৰাসবাদৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব''৷ পাকিস্তানক এনেদৰে ভাবুকি প্ৰদান কৰে জেমচ ম্যাটিচে।  

আনহাতে, পাকিস্তানে বাৰাম্বাৰ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্কৰ কথা অস্বীকাৰ কৰি আহিছে যদিও মাৰ্কিন যুক্তৰাষ্ট্ৰক মিছা কথা কৈ লাভ নাই বুলি কয় ডানফোৰ্ডে৷ ISIৰ সৈতে সন্ত্ৰাসবাদীৰ মুকলি সম্পৰ্ক আছে, এইটো প্ৰমাণিত বিষয় বুলিও কয়৷ কেৱল ইমানে নহয় পাকিস্তানে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা নললে বিশ্বত এঘৰীয়া কৰা হ’ব বুলি কোৱাৰ লগতে পাকিস্তানৰ আৰ্থিক দিশতো প্ৰভাৱ পৰিব বুলিও উল্লেখ কৰে ডানফোৰ্ডে।