11
Jul
2017

ডিজিটেল ডেস্কঃ মিছিচিপিৰ লেফল’ৰ কাউণ্টিত পুৱতি নিশা সামূদ্ৰিক সেনাৰ বিমান এখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৬ জনকৈ লোকৰ মৃত্যু।
মাৰ্কিন জৰুৰীকালীন ব্যৱস্থাপনা সঞ্চালক ফ্ৰেড ৰেণ্ডেলে প্ৰকাশ কৰা বিবৃতি মতে বিমানখনৰ এজনো যাত্ৰী নাবাচিল।
ইফালে মাৰ্কিন সামূদ্ৰিক বাহিনীয়ে টুইটাৰ যোগে ঘটনাৰ ফটো শ্বেয়াৰ কৰিছে যদিও এতিয়ালৈ সবিশেষ প্ৰকাশ কৰা নাই।
এফবিআইয়ে অনুসন্ধান আৰম্ভ কৰিছে। মাল-বস্তু কঢ়িওৱাৰ পৰা আৰম্ভ কৰি সেনা স্থানান্তৰ কৰা আদি বিভিন্ন কামত উক্ত কেচি-১৩০ বিমানখন বহুলভাৱে ব্যৱহৃত হৈছিল।