04
Jul
2017
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/8f28ee6f-a117-43af-b66d-71a819bf693c.jpg?itok=GQlivmkV)
গুৱাহাটীঃ ১১সংখ্যক মৃত্যুবাৰ্ষিকীত শিল্পী ঈশান বৰুৱাক সুঁৱৰিবলৈ আয়োজন কৰা হৈছে ‘কবিতাৰে সোঁৱৰিছো তোমাৰ কণ্ঠক’ শীৰ্ষক অনুষ্ঠান।
ঈশান বৰুৱা স্মৃতি ৰক্ষা গোষ্ঠী, ঈশান বৰুৱাৰ পৰিয়াল অাৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অহা ৬ জুলাইত অনুষ্ঠিত হ'ব এই বিশেষ অনুষ্ঠান।
ৰবীন্দ্ৰ ভৱনত সন্ধিয়া ৬বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া কবিতাৰ উক্ত অনুষ্ঠানত বহুকেইজন বিশিষ্ট সাহিত্যিক তথা বৰেণ্য শিল্পীয়ে অংশগ্ৰহণ কৰিব।
এইসকলৰ ভিতৰত অন্যতম হৈছে ড০ অমৰজ্যোতি চৌধুৰী, মলয়া গোস্বামী, ড০ অাকাশীতৰা, কপিল বৰা, বৰ্ণালী পূজাৰী আৰু দেৱজ্যোতি শৰ্মা। উক্ত অনুষ্ঠানটোৰ পৰিকল্পনা প্ৰয়াত ঈশান বৰুৱাৰ সন্তান ৰূপম বৰুৱাৰ।