
তামুলপুৰঃ সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি আন আন সমষ্টিৰ দৰে ৫ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিটোৰ নিৰ্বাচনী বতাহ ক্ৰমশঃ উত্তপ্ত হৈ পৰিছে৷ শাসনাধীস্থিত বি পি এফ দলেও অৱলম্বন কৰিছে ব্যাপক তৎপৰতা।
বিপিএফ, বিজেপি আৰু অগপ মিত্ৰ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অহা ২৯ মাৰ্চত তামুলপুৰত আয়োজন কৰা হৈছে এক বিশাল গণ সমাৱেশ।
তামুলপুৰ জিলা নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি বিজিৎ গৌৰা নাৰ্জাৰী আৰু সাধাৰণ সম্পাদক মৃদুল ব্ৰহ্মই জনোৱা মতে উক্ত সমাৱেশত ৪০ হাজাৰৰ অধিক ৰাইজ উপস্থিতিৰ বাবে ব্যৱস্থা কৰা হৈছে। মৃদুল ব্ৰহ্মই জানিবলৈ দিয়া মতে অনুষ্ঠিত হ’বলগীয়া বিশাল গণ সমাৱেশত বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী, অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, দলৰ সাধাৰণ সম্পাদক ইমানুৱেল মোছাহাৰীৰ উপৰি ভালে কেইগৰাকী ই এম, জি এম উপস্থিত থকাৰ উপৰি দলীয় প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্ম উপস্থিত থাকিব।
আনহাতে, উক্ত বিশাল গণ সমাবেশৰ প্ৰাৰম্ভিক প্ৰস্তুতি তুংগত উঠিছে৷