
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে এটি অনুষ্ঠানত অংশ গ্ৰহণ কৰি কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰি কেন্দ্ৰীয় চৰকাৰে ন্যায়পালিকাৰ স্বাধীনতা কাঢ়ি লোৱাৰ চেষ্টা কৰা বুলি অভিোগ উত্থাপন কৰে৷
তেওঁ মেডিকেল কলেজৰ উৎকোচ কেলেংকাৰী সন্দৰ্ভত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰক আক্ৰমণ কৰি কয় যে, এই গোচৰৰ আবেদন ইতিমধ্যে দুবাৰ খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে৷
এই বিষয়টোক ‘কেম্পেইন ফৰ জুডিচিয়াল একাউন্টেবিলিটি এণ্ড ৰিফৰ্মছ’ৰ বেনাৰত উত্থাপন কৰি অধিবক্তা ভূষণে নাগৰিক অধিকাৰ সংগঠন ‘জনহস্তক্ষেপ’ আৰু মানবধিকাৰ সংগঠন 'পিপুলছ ইউনিয়ন ফৰ চিভিল লিবাৰ্টিজ'ৰ অধিনত এই বিষয়টো উত্থাপন কৰি আহিছে৷
ভূষণে ‘জনহস্তক্ষেপ’ আৰু পিপুলছ ইউনিয়ন ফৰ চিবিল লিবাৰ্টিজে অনুষ্ঠিত কৰা এটি অনুষ্ঠানত অংশ গ্ৰহণ কৰি এই মন্তব্য আবঢ়ায়।
তেওঁ ন্যায়াধীশসকলৰ নিৰ্বাচনত চৰকাৰৰ তৰফৰ পৰা লোৱা পন্থা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে৷ ইফালে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ তৰফৰ পৰা উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে ন্যায়পালিকাৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে ভূষণক তীব্ৰ সমালেচনাওঁ কৰে৷