গুৱাহাটীঃ দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হোৱাৰ পিছতে প্ৰথম বাৰ উত্তৰ পূৰ্বাঞ্চলল ভ্ৰমণ কৰে ৰামনাথ কোবিন্দ। শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণাতান্ত্ৰীক মৰ্চাৰ প্ৰক্ষেপিত প্ৰাৰ্থী কোবিন্দে দেশৰ চতুৰ্দশ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিচত প্ৰথম বাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰে৷

দেওবাৰে ৰামনাথ কোবিন্দ লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত  পুৱা উপস্থিত হয়৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষা-বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল জগদীশ মুখীয়ে লীলাবাৰী বিমান বন্দৰত উষ্ম আদৰণি জনায় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক৷ চাৰিদিনৰ কাৰ্যসূচী লৈ উত্তৰ পূৰ্বাঞ্চলত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে লখিমপুৰৰ পৰা পোনে পোনে চুবুৰীয়া ৰাজ্য অৰুণাচললৈ যায়৷

ইটানগৰৰ বিবেকানন্দ কেন্দ্ৰৰ এক বিশেষ অনুষ্ঠানত ভাগ লোৱাৰ উপৰিও অৰুণাচলৰ নতুন বিধান সভা কক্ষ জনসাধাৰণৰ উদ্দেশ্যে উৎসৰ্গা কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে৷ অৰুণাচল বিধানসভাৰ সদস্যসকলক সম্বোধন কৰি এখন বিশেষ অধিবেশনত ভাষণ আগবঢ়াব ৰাষ্ট্ৰপতিগৰাকীয়ে৷ দ্বিতীয় দিনা অৰ্থাৎ ২০ নৱেম্বৰত নমামী বৰাক উৎসৱত অংশ লব ৰাষ্ট্ৰপতিগৰাকীয়ে৷

শিলচৰত উপস্থিত থাকিব আৰু সেই একেদিনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ২১ নৱেম্বৰত ৰাষ্ট্ৰপতিগৰাকীয়ে মণিপুৰলৈ যাত্ৰা কৰিব আৰু তাত তেওঁ উত্তৰ-পূব উন্নয়ণ পৰিষদৰ অধিবেশনখন উদ্বোধন কৰিব। আনহাতে ৰাষ্ট্ৰপতিগৰাকীয়ে মণিপুৰৰ সাংগাই উৎসৱত সেইদিনাই অংশ গ্ৰহণ কৰিব। দিল্লীলৈ ওভতাৰ পূৰ্বে ২২ অক্টোবৰত INA WAR MEMORIAL দৰ্শন কৰিব৷