![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/de2a7027-e663-408d-a9af-266f3a40d80c.jpg?itok=HnDYYmAn)
newsnextone.com | গুৱাহাটীঃ শিল-বালিৰ অস্বাভাৱিক মূল্যবৃদ্ধি আৰু কৃত্ৰিম নাটনিয়ে স্থবিৰ কৰিছে ৰাজ্যৰ নিৰ্মাণ কাৰ্য। দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি ‘এৰিডা’ নামৰ সংস্থাটোৱে এই দাবী কৰে৷ এৰিডা’ৰ সভাপতি প্ৰণব কুমাৰ শৰ্মাই সংবাদমেলত ৰাজ্যৰ নিৰ্মাণ আৰু ৰিয়েল ষ্টেটত উদ্যোগ খণ্ডত পোন প্ৰথমবাৰৰ বাবে এনে সংকটৰ সন্মুখিন হোৱা বুলি দাবী কৰে৷
২০১৭ চনৰ এপ্ৰিল মাহৰ পৰা ৰাজ্যৰ নিৰ্মাণ আৰু ৰিয়েল ষ্টেট খণ্ডত এনে সংকটৰ সন্মুখিনৰ হৈ থকাৰ পিছতো বাৰে বাৰে আবেদন-নিবেদন কৰাৰ পিছতো বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে প্ৰণব কুমাৰ শৰ্মাই।
বিজেপি চৰকাৰে গুৰুত্ব নিদিয়াৰ ফলত কংগ্ৰেছ চৰকাৰ দিনত ৮০০ টকাৰ বালি প্ৰতি চিএমত ১৮০০ টকা হয় আৰু ১০০০ টকাৰ শিল প্ৰতি চিএমত ২৮০০ টকালৈ বৃদ্ধি হৈছে। ফলত বহুসংখ্যক প্ৰকল্পৰ কাম স্থবিৰ হৈ পৰিছে বুলি এৰিডা’ৰ সভাপতিয়ে দাবী কৰে৷ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত বহু সংখ্যক শ্ৰমিকে কৰ্ম সংস্থাপন হেৰুৱাব লগা হৈছে। ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নতো বিৰূপ প্ৰভাৱ পেলাইছে।
শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি অসমত প্ৰায় ৩ লাখ পৰিয়াল গৃহহীন হৈ আছে আৰু আগন্তুক দিনত শিল-বালিৰ নাটনি বন্ধ নকৰিলে আৰু মূল্য হ্ৰাস নকৰিলে এই সকল লোকে কেতিয়াও গৃহ নিৰ্মাণ কৰিব নোৱাৰিব বুলিও কয় শৰ্মাই৷
যোৱা দুটা বছৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা থকা বিজেপি চৰকাৰখনে এই বিষয়ত কোনো ধৰণৰ গুৰত্ব আৰোপ কৰা নাই বুলি অভিযোগ উত্থাপন কৰি সমগ্ৰ অসমবাসীৰ স্বাৰ্থত মুখ্যমন্ত্ৰীক বিষয়টো গুৰুত্ব সহকাৰে লবলৈ দাবী উত্থাপন কৰে শৰ্মাই৷