জনতা ভৱনত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কি ক’লে?

গুৱাহাটী: পুলৱামাৰ বৰ্বৰ ঘটনাৰ পিছত ছচিয়েল মিডিয়াত দিয়া পোষ্ট সন্দৰ্ভত তীক্ষ্ণ নজৰ অসম আৰক্ষীৰ। ছচিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট দিয়া ১৯জনক ইতিমধ্যে আটক। তাৰ ভিতৰত ১৫জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা। আৰক্ষীয়ে এইপৰ্যন্ত ৭৫জন ৰোহিংগ্যাকো গ্ৰেপ্তাৰ কৰিছে বুলি জনালে মন্ত্ৰীজনে। জনতা ভৱনত মন্ত্ৰীজনে সংবাদমেল সম্বোধন কৰি ক’লে ২০০৯ৰ ২২ ছেপ্টেম্বৰত গুৱাহাটীৰ পল্টনবজাৰত গ্ৰেপ্তাৰ হৈছিল প্ৰথমজন ৰোহিংগ্যা।

২১ জানুৱাৰীতো কৰিমগঞ্জত কৰায়ত্ত কৰিছিল ৩০জন ৰোহিংগ্যাক। ২০১০ৰ ১৫ মে’ত কৰিমগঞ্জত এজনক গ্ৰেপ্তাৰ, ২০১২ চনৰ ৯ মাৰ্চত হোজাইত এজনক, ২০১২ৰ ২৯ ছেপ্টেম্বৰত কাছাৰত ৭জন, ২০১২ৰ ১২ নৱেম্বৰত ১০জনক, ২০১৩ৰ ২৩ অক্টেবৰত তেজপুৰত ৮জনক, ২০১৭ চনৰ ১৭ আগষ্টত কৰিমগঞ্জত ৩০জনক, ২০১৯ৰ ১০ ফেব্ৰুৱাৰীত কাছাৰত ৪জনক আৰু এই বছৰৰ ১৭ ফেব্ৰুৱাৰীত লামডিঙত গ্ৰেপ্তাৰ হৈছে ৩জনকৈ ৰোহিংগ্যা।

তেলেংগানা, জম্মু, দিল্লীৰ ৰোহিংগ্যাৰ বাবে অসমৰ পৰা বৰঙণি উঠোৱাৰ চেষ্টা কৰিছিল এচামে। এওঁলোকক অসমলৈ আনিবলৈ কাম কৰি আছে এটা চক্ৰই। ছাহিল এডুকেচন ছচায়িটী নামৰ এটা সংগঠনে লৈছে উদ্যোগ। যোৱা ৩ মাহত অসমত যি ধৰণৰ পৰিৱেশ গঢ়ি তুলিছিল, তাৰ বাবে ৰোহিংগ্যাৰ প্ৰৱেশৰ প্ৰৱণতা বাঢ়ি গৈছিল অসমত। সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে এই মন্তব্য। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে – ৰোহিংগ্যাক ৰখাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানলৈ কোনোবাই পত্ৰ প্ৰেৰণ কৰিছিল।

যিসমূহ জিলাত ৰোহিংগ্যা ধৰা পৰিছে সেইটো লক্ষণীয়, সেইটো জনবিন্যাস সলনি হোৱা জিলাত দেখা গৈছে, নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ সুযোগ লৈছে এক চক্ৰই।