Daily Post India
Daily Post India

ডিজিটেল ডেস্কঃ তিনি বছৰীয়া শাসন কালত পেট্ৰল-ডিজেলৰ মুল্য বৃদ্ধিয়ে ৰেকৰ্ড গঢ়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰ৷ তাৰ মাজতে চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা ইন্ধনৰ মুল্য হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে৷ প্রতিশ্রুতি পালন কৰি পেট্রল-ডিজেলেৰ আৱকাৰি শুল্ক হ্ৰাস কৰে কেন্দ্ৰীয় চৰকাৰে৷

পেট্রল-ডিজেলৰ প্ৰতি লিটাৰত ২ টকাকৈ হ্ৰাস কৰে আৱকাৰী শুল্ক৷ তাৰ লগে লগে মঙলবাৰৰ মাজ নিশাৰ পৰা পেট্রল-ডিজেলেৰ মুল্য হ্ৰাস হোৱাৰ লগতে নতুন দাম নিৰ্ধাৰণ কৰিব চৰকাৰে৷ কেন্দ্ৰীয় চৰকাৰে এটি টুইট যোগে ৪ অক্টোবৰৰ পৰা পেট্রল-ডিজেলৰ আৱকাৰী শুক্ল ২ টকাকৈ কমাই দিয়াৰ কথা ঘোষণা কৰে৷

আৱকাৰী শুল্ক ২ টকাকৈ হ্ৰাস কৰাৰ ফলত চৰকাৰৰ বাৰ্ষিক আয় ২৬ হাজাৰ কোটি টকা কমিব বুলিও কয়৷ এই সিন্ধান্ত সাধাৰণ ৰাইজৰ স্বাৰ্থত কৰা বুলি কয় মোডী চৰকাৰে৷ এনে এটা সময়ত কেন্দ্ৰীয় চৰকাৰে পেট্রল-ডিজেলে মুল্য হ্ৰাস কৰিব যিটো সময়ত প্ৰতিলিটাৰ পেট্ৰলৰ মুল্য ৭০ টকাতকৈ বেছি হোৱাৰ লগতে ডিজেলৰ মুল্য ৬০ টকা হৈছে৷ আনহাতে ১ ছেপ্তেম্বৰ পৰা ২৫ ছেপ্তেম্বৰৰ ভিতৰত তেলৰ মুল্য ১২ শতাংশ বৃদ্ধি হৈ প্ৰতি বেৰেলৰ মুল্য ৫৯ ডলাৰ হয়৷