গুৱাহাটীঃ ৰাজ্যৰ জনসাধাৰণে সোমবাৰে ওলাই আহিছে ঘৰৰ পৰা৷ মহানগৰীৰ খানাপাৰাত একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য প্ৰকাশ কৰিছে৷ গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে সাক্ষ্যদান প্ৰক্ৰিয়া৷ 

পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হৈছে সাক্ষ্য দান৷ অসমৰ জাতীয় দল-সংগঠন, অভিনেতা, বুদ্ধিজীৱী, ব্যৱসায়ী, সাংবাদিকসকলেও সাক্ষ্য প্ৰদান কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিছে৷ দল-সংগঠনৰ লগতে কন্ঠশিল্পী মানস ৰবিন, সীমান্ত শেখৰ, তৰালি শৰ্মা, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আদিয়ে সাক্ষ্য প্ৰদান কৰে৷ 

অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে সাক্ষ্য প্ৰদান কৰি এই বিধয়ক খনে সাম্প্ৰদায়ীক সংঘৰ্ষ লগাব পাৰে বুলি আশংকা ব্যক্ত কৰে৷ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কয় ‘‘এই বিধায়ক খনে এটা সময়ত গৈ সম্প্ৰদায়ীক সংঘৰ্ষৰ সৃষ্টি কৰিব৷ ভৱিষ্যতে সংঘৰ্ষ সৃষ্টি কৰিব৷ সাম্প্ৰদায়ীক সংঘৰ্ষ হোৱা মানেই কোনো মানুহ নমৰে৷ নিৰীহ মানুহৰ তেজ যাব৷  সাধাৰণ মানুহৰ তেজ যাব৷ মই সেই কাৰণে ওলাই আহিছো৷’’