লালুকঃ ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ১৬ নং বঙালমৰা পূৱ সমষ্টিৰ সাধাৰণ সদস্য বটু কৃষ্ণ বৰাৰ বিৰুদ্ধে সমষ্টিটোৰ একাংশ ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰে৷
পৰিষদৰ পৰা অাৱন্টিত সামগ্ৰী সমষ্টিবাসীৰ মাজত সম বিতৰণ নকৰা, আচঁনি ৰূপায়নত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ তুলি সদস্য গৰাকীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ কৰে ৰাইজে৷
লখিমপুৰৰ বঙালমৰাত ৰাইজে বটুকৃষ্ণ বৰাৰ প্ৰতিমুৰ্তি দাহ কৰি বটুকৃষ্ণ বৰা মুৰ্দাবাদ, দুৰ্নীতি অনিয়ম ৰোধ কৰক, দুৰ্নীতি অনিয়মৰ তদন্ত কৰক আদি শ্ল’গান দি পৰিস্থিতি উত্তাল কৰি তোলে৷
পুৰ্বে কংগ্ৰেছ দলত থাকি পৰিষদৰ কাৰ্যবাহী সদস্যৰ পদ দখল কৰা বৰাই বিগত নিৰ্বাচনত নিৰ্দলীয় হিচাবে প্ৰতিদ্বন্দিতা কৰি পুনৰ পৰিষদলৈ নিৰ্বাচিত হয়৷ পেছাত এগৰাকী অধিবক্তা বটু কৃষ্ণ বৰাই নিজ ঘৰতে সামগ্ৰী ৰাখি বিতৰণ নকৰা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে সমষ্টিটোৰ ৰাইজ৷
তদপুৰি সদস্য জনে বিগত নিৰ্বাচনত ভোট নিদিয়া ৰাইজক পৰিষদৰ কোনো ধৰণৰ সামগ্ৰী যোগান ধৰা ন’হব বুলি মন্তব্য কৰাত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ৷