![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/884d4c6d-ba2e-4225-80ec-e774401b2707.jpg?itok=CHMUGr4T)
অভয়াপুৰীঃ মানাহ নৈৰ গৰাখহনীয়া ৰোধৰ বাবে ৰাইজৰ দীৰ্ঘদিনীয়া দাবীক গুৰুত্ব আৰোপ নকৰাত অৱশেষত প্ৰতিবাদত নামিল ভুক্তভোগী ৰাইজ৷ বিভাগীয় মন্ত্ৰীৰ প্ৰতীকি শৱদেহ নৈৰ পানীত উটুৱাই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। ৩১মাৰ্চৰ ভিতৰতে ৰাজ্যৰ অসম্পূৰ্ণ হৈ থকা মথাউৰি নিৰ্মাণ তথা মেৰামতিৰ কৰাৰ বাবে খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জলসম্পদ বিভাগক নিৰ্দেশ দিছিল যদিও উত্তৰ শালমাৰা মহকুমাত এই নিৰ্দেশ অসাৰ প্ৰতিপন্ন হয়।
বাৰিষা আৰম্ভ হোৱাৰ লগ লগে বিগত কিছুদিন ধৰি বৰষুণ দি অহাৰ ফলত উত্তৰ শালমাৰা মহকুমাৰ নৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালকৈ খহনীয়াই কাল ৰূপ ধাৰণ কৰাত নৈ পৰীয়া ৰাইজে শংকাত দিন কটাবলীয়া হৈছে। মহকুমাটোৰ লেংটিছিঙা-মধুফল মথাউৰিটোৰ মেৰেৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কুশবাৰী তৃতীয় খণ্ডত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
মানাহ নৈৰ খহনীয়াই কুশবাৰী, মধুফল, লতিবাৰী, বৰজানা, ছিকাটাৰী আদিকে ধৰি এক বিস্তীৰ্ণ অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে৷ মথাউৰিটোৰ ১মিটাৰ অংশ মাথো ছিঙিবলৈ বাকী আছে। যদি ১মিটাৰ অংশটো কেনেবাকৈ ছিঙি যায় তেন্তে এই বৃহৎ অঞ্চলটোৰ ঘৰ-দুৱাৰ, পশুধন, কৃষিভূমি, বিদ্যালয় নৈৰ বুকুত বিলীন হৈ যোৱাতো প্ৰায় নিশ্চিত। এনে কাৰণত এতিয়া প্ৰতিটো মুহূৰ্ততে শংকাত দিন পাৰ কৰিবলৈ বাধ্য হৈ পৰিছে স্থানীয় ৰাইজ।
ৰাজ্যখনৰ জলসম্পদ নামৰ এক বিয়াগোম বিভাগ থকাৰ পিছতো কোনো কাণসাৰ নাই মথাউৰিটোৰ প্ৰতি। খহনীয়াৰ শংকাত ভূগি থকা ৰাইজে বিভাগীয় কৰ্তৃপক্ষ, বিধায়ক, সাংসদক বাৰম্বাৰ আবেদন জনাই অহা স্বত্তেও বিভাগে গুৰুত্ব আৰোপ কৰা নাই। উপায়ন্তৰ হৈ আজি কুশবাৰীকে ধৰি এই বৃহৎ অঞ্চলৰ ৰাইজে জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিকী শৱদেহ নৈৰ বুকুত উটুৱাই প্ৰতিবাদ সাব্যস্ত কৰে। বিভাগটোৱে অহা ১৫ দিনৰ ভিতৰত একো ব্যৱস্থা গ্ৰহণ নকৰিলে আমৰণ অনশনত বহাৰ ভাবুকি দিছে ৰাইজে।