ডিজিটেল ডেস্কঃ গুজৰাট আৰু হিমাচল প্ৰদেশত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছত বিজেপি শাসিত মধ্যপ্ৰদেশৰ পৌৰ সভাৰ নিৰ্বাচনত বিজেপিক ধৰাশয়ী কৰে কংগ্ৰেছে। বিজেপিৰ দুৰ্গ ৰূপে খ্যাত মধ্য প্ৰদেশত বিজেপিৰ এনে শোচনীয় পৰাজয় বৰণ এতিয়া সংবাদ মাধ্যমত চৰ্চা হ'বলৈ ধৰিছে।

 যিসময়ত ভাৰতবৰ্ষৰ ২৯ খন ৰাজ্যৰ ভিতৰত অধিকাংশ ৰাজ্যতেই বিজেপিয়ে নিজৰ ভেটি শক্তিশালী কৰাৰ লগতে মেঘালয়, নগালেণ্ড আৰু ত্ৰিপুৰা দখল কৰাৰ সপোন দেখি থকা বিজেপিয়ে বেয়াকৈ মুখেথেকেচা খাই।

২০১৯ৰ লোকসভা নিৰ্বাচনত জয়ী হৈ পুনৰ ক্ষমতাত অধিষ্টিত হোৱাৰ বাবে দলটোৰ কেন্দ্ৰীয় নেতৃবৃন্দই বিভিন্ন ধৰনৰ ৰণনীতি তথা কৌশল তৈয়াৰ কৰাৰ সময়তে মধ্যপ্ৰদেশত পৌৰসভাৰ নিৰ্বাচনৰ ফলাফলে একপ্ৰকাৰ ভাবিবলৈ বাধ্য কৰি তুলিছে কেন্দ্ৰীয় নেতৃবৃন্দক৷ লগতে দলটোৰ ভিতৰচৰাত চলিছে ব্যাপক পৰ্যালোচনা৷

কিয়নো দেশৰ একাংশ ৰাজ্যক বিজেপিৰ দুৰ্গ বুলি কোৱা হয়৷ শেহতীয়াকৈ তেনে ৰাজ্য সমূহত কংগ্ৰেছৰ অভাৱনীয়া উত্থানে বিজেপিক শংকিত কৰি তুলিছে বুলি চৰ্চা হৈছে।

তেনে ৰাজ্যৰ মাজত মধ্য প্ৰদেশক দণনা কৰা হয় ।গুজৰাটৰ পিছতে মধ্যপ্ৰদেশৰ নাম আহে তেনে ৰাজ্যৰ গণনাত৷ কিয়নো মধ্য প্ৰদেশ, গুজৰাটত বিজেপিয়ে বিগত ৩-৪টা কাৰ্যকাল বিজেপিয়ে শাসনভাৰ দখল কৰি আছে ৷

কিন্তু এইবাৰ আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ শাসনভাৰ দখল কৰা যে সহজ ন’হব সেয়া বৰ্তমানৰ পৰিস্থিতিক লৈ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে৷

উল্লেখ্য, আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ গুণা জিলাৰ ৰাঘোগড় পৌৰসভা নিৰ্বাচনত ২৪ টাৰ ভিতৰত ২০ টা ৱাৰ্ড কংগ্ৰেছে দখল কৰিছে৷

ইয়াত বিজেপিয়ে কেৱল মাত্ৰ ৪ টা ৱাৰ্ড দখল কৰি সন্তুষ্ট থাকিব লগা হয়৷ গুৰুত্বপূৰ্ণ বিষয় এই যে, এই নিৰ্বাচনত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে খোদ প্ৰচাৰ চলাইছিল৷

তাৰ পিছতো বিগত ২ দশক ধৰি কংগ্ৰেছৰ দখলত আছে পৌৰসভা সমূহ৷ বিশেষকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা দলৰ সাধাৰণ সম্পাদক দিগ্বিজয় সিঙৰ এলেকা৷