09
Mar
2017

কানপুৰঃ লক্ষ্ণৌৰ এনকাউণ্টাৰত নিহত সন্দেহযুক্ত উগ্ৰপন্থী চেইফুল্লাৰ পিতৃক লৈ গৌৰৱান্বিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং। সদনত আজি চেইফুল্লাৰ পিতৃৰ ভাষ্য পাঠ কৰি সিঙে তেওঁক প্ৰশংসা কৰে।
উল্লেখ্য যে বুধবাৰে আৰক্ষীয়ে চেইফুল্লাৰ মৃতদেহ কানপুৰৰ মনোহৰ নগৰৰ পিতৃগহলৈ আনিছিল যদিও দেশদ্ৰোহীৰ শৱ কোনো কাৰণতে গ্ৰহণ নকৰে বুলি বুকু ডাঠ কৰি চেইফুল্লাৰ পিতৃয়ে মৃতদেহ চমজি ল’বলৈ অস্বীকাৰ কৰিছিল।