গুৱাহাটীঃ ২৪ ঘন্টাৰ ভিতৰত আত্মসমৰ্পণ কৰিব APSC কেলেংকাৰীৰ অভিযুক্ত APS ৰাকেশ গুপ্তা আৰু ACS নিশামণি ডেকাই৷ আৰক্ষীৰ পৰা বাছিবলৈ আত্মগোপন কৰি থকা অন্তিম দুগৰাকী মুল অভিযুক্ত APS ৰাকেশ গুপ্তা আৰু ACS নিশামণি ডেকা৷ যোৱা ১২ দিনে আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰা APS ৰাকেশ গুপ্তা আৰু ACS নিশামণি ডেকাই ইতিমধ্যে গুৱাহাটী মহানগৰীৰ ওচৰে-পাজৰে বাহৰ পাতি থকা বুলি জানিব পৰা গৈছে৷
APS ৰাকেশ গুপ্তাই কিছু দিনৰ বাবে ৰাজ্যৰ বাহিৰত আত্মগোপন কৰি আছিল যদিও ৰাজ্যলৈ অহা বুলি জানিব পৰা গৈছে৷ এটি সুত্ৰই প্ৰকাশ কৰা মতে, অতি কম সময়ৰ ভিতৰত তেওলোকে আৰক্ষীৰ ওচৰ চাপিব৷ তেওলোকে আদালতত আত্মসমৰ্পণ কৰাৰ পৰিবৰ্তে আৰক্ষীৰ ওচৰত হাজিৰ হ’ব বুলি প্ৰকাশ কৰে সূত্ৰটোৱে৷ জামিন লোৱাৰ বাবে চেষ্টা কৰাৰ লগতে আৰক্ষীৰ পৰা হাত সাৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰি বিফল হোৱাত তেওলোকে আত্মসমৰ্পণ কৰিব৷
তাৰ মাজতে সোমবাৰে আৰক্ষীৰ ভয়ত পলাই ফুৰা তথা টকা দি জালিয়াতিৰে চাকৰি লোৱা ৰুমী শইকীয়াই বিশেষ আদালতত আত্মসমৰ্পণ কৰে৷ ০৮ নৱেম্বৰৰ পুৱাৰে পৰা আৰক্ষীৰ ভয়ত পলাই ফুৰা ACS বিষয়া ৰুমীয়ে সোমবাৰে পুৱাই নিজে আহি বিশেষ আদালতত হাজিৰ হয়৷ আদালতত হাজিৰ হোৱাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰুমীক৷ ১২ দিনৰ মূৰকত আত্মসমৰ্পণ কৰা ৰুমীক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰে।
যোৱা ১২ দিনে পলাই আছে APS ৰাকেশ গুপ্তা আৰু ACS নিশামণি ডেকাই৷ যোৱা ৮ নৱেম্বৰৰ পৰা এতিয়ালৈ ৰলাই আছে APS ৰাকেশ গুপ্তা আৰু ACS নিশামণি ডেকাই৷ ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই ০৮ নৱেম্বৰৰ পুৱাৰ পৰা অভিযান চলাই ১৫গৰাকী ACS–APSক আটক কৰিবলৈ সক্ষম হয় যদিও এতিয়ালৈ ২৩ গৰাকী ধৰা পৰে৷ ইয়াৰে কেইবাগৰাকী ACS–APS বিষয়াই আৰক্ষীৰ ভয়ত পলাই ফুৰিছিল যদিও অৱশেষত আত্মসমৰ্পণ কৰে৷
APSC কেলেংকাৰীৰ অভিযুক্ত ACS বিষয়া ৰুমী শইকীয়াই আৰক্ষীৰ ভয়ত পলাই ফুৰিছিল যদিও সোমবাৰে বিশেষ ন্যায়াধীশৰ আদালতত আত্মসমৰ্পণ কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ APSCৰ কেলেংকাৰীৰ ২৩গৰাকী ACS–APS বিষয়া ইতিমধ্যে আৰক্ষীৰ জালত পৰিল৷
APS ৰাকেশ গুপ্তা আৰু নিশামণি ডেকা এতিয়াও পলাই ফুৰিছে যদিও শীঘ্ৰে আত্মসমৰ্পণ কৰিব তেওলোকে৷ অসম লোকসেৱা আয়োগৰ বহু বিতৰ্কিত তথা চাকৰি কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ সময়ত জালিয়াতিৰে চাকৰি লোৱা প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকাই আৰক্ষীৰ ভয়ত পলাই ফুৰিছিল যদিও ১৩ নৱেম্বৰত অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰিছিল৷
যোৱা ৮ নৱেম্বৰৰ পৰা এতিয়ালৈ ২৩ গৰাকী ACS-APS বিষয়া আৰক্ষীৰ জালত পৰিছে৷ ২০১৫-১৬ বৰ্ষত ৩৮২ গৰাকী ACS-APS সংলগ্ন সেৱাৰ বিষয়া বাছনি কৰিছিল তেতিয়াৰ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালে৷ ইয়াৰে প্ৰায় সংখ্যক বিষয়াক অবৈধ তথা ব্যাপক জালিয়াতিৰে নিৰ্বাচন কৰাৰ অভিযোগ উত্থাপন হয়৷ কৃষক নেতা অখিল গগৈ সহিতে ৰাজ্যৰ একাংশ দল-সংগঠনে এই তদন্তৰ দাবীত ব্যাপক আন্দোলন গঢ়ি তুলিছিল৷
তাৰ পাছতে এগৰাকী মহিলাৰ জড়িয়তে এই দুৰ্নীতিৰ ৰহস্য ফাদিল হৈছিল৷ প্ৰথম পৰ্যায়ত অসম আৰক্ষীয়ে তদন্ত কৰি তিনিগৰাকী বিষয়াক চিনাক্ত কৰিছিল৷ তাৰ পৰবৰ্ত্তী সময়ত ২৫ গৰাকী বিষয়াক তদন্তৰ আওতাত লয় আৰক্ষীয়ে৷
২৫ গৰাকী ACS-APS পৰীক্ষাৰ উত্তৰ বহী ফৰেনছিক বিজ্ঞানগাৰলৈ প্ৰেৰণ কৰে৷ বিজ্ঞানগাৰৰ পৰা পৰীক্ষাৰ পেপাৰৰ ফলাফল অহাৰ পিছতে সস্তম হৈ পৰে ডিব্ৰুগড় জিলাৰ আৰক্ষীৰ লগতে অসম আৰক্ষীৰ বিশেষ শাখা৷ ০৮ নৱেম্বৰৰ পৰা (মঙলবাৰে) নিশাৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে ২৫ গৰাকী ACS-APSৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷ মঙলবাৰৰ নিশাৰ পৰা বুধবাৰৰ পুৱা লৈকে ১৫ গৰাকী ACS-APSৰ গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷