![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/vote_0.jpg?itok=JSgUvksq)
ৰঙিয়াঃ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন-পত্ৰৰ আজি অন্তিম দিনত ৰঙিয়া মহকুমাত নিশাৰ ভাগলৈ মনোনয়ন-পত্ৰ দাখিল কৰা প্ৰক্ৰিয়া অব্যাহত থাকে।
অ গ প, বি জে পি, কংগ্ৰেছ আৰু চি পি আই এম আদিকে কৰি কেইবাটাও ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে মনোনয়ন-পত্ৰ দাখিল কৰিছে। ৰঙিয়া মহকুমাৰ ৰঙিয়া জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ত প্ৰাৰ্থীসকলৰ লগতে ভিৰ কৰিছে বিধায়ক তথা প্ৰাক্তন বিধায়কসকল।
এনে সময়তে ৰঙিয়াৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত বি জে পিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত হয়।
মুখপাত্ৰগৰাকীয়ে এনেদৰে উপস্থিতহৈ কামৰূপ জিলাত কংগ্ৰেছ দলৰ অস্তিত্ব নাই বুলি প্ৰকাশ কৰাৰ উপৰিও পঞ্চায়ত নিৰ্বাচনত মূলত বি জে পি আৰু মিত্ৰ দল অ গ পৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে।