22
Jan
2019

ৰঙিয়াঃ তেজপুৰ ডেকাৰ গাঁৱত তিনি দিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ অসম আন্তঃজিলা প্ৰবীন ভলীবল প্ৰতিযোগিতাত ৰঙিয়াই শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
যোৱা ১৮ তাৰিখৰপৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ৰাজ্যৰ ১২ খন জিলাৰ পুৰুষ আৰু মহিলাৰ দলে অংশগ্ৰহণ কৰে। অন্তিম দিনা অৰ্থাৎ ২০ তাৰিখে অনুষ্ঠিত হোৱা পুৰুষৰ চূড়ান্ত তথা ফাইনেল খেলখনত ৰঙিয়া জিলা দলটোৱে ৩-০ ছেটত মৰিগাঁও জিলা দলক পৰাজিত কৰে।
চূড়ান্ত খেলখনত ৰঙিয়া দলৰ মঞ্জিত পাঠকে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। মঙলবাৰে ৰঙিয়া জিলা দলটোক ৰঙিয়া আহি পোৱাত ৰঙ্য়াবাসীয়ে উষ্ম আদৰণি জনায়।