গণধৰ্ষণৰ অভিযুক্তৰ পৰা ৫ লাখ টকা ভুক্তভোগী নাবালিকাৰ অভিভাৱকে লোৱাৰ পিছতেই নাবালিকাগৰাকীয়ে জানিছিল যে এইবাৰ অভিভাৱকে তেওঁক আদালতত ভাষ্য সলনি কৰিবলৈ চেষ্টা চলাব, সেয়ে তেওঁ আৰক্ষীৰ কাষ চপাটোৱে উত্তম পন্থা হ’ব বুলি বিবেচনা কৰে 

ডিজিটেল ডেস্কঃ নিজ কন্যাৰ ধৰ্ষণকাৰীক বচাবলৈ পিতৃয়ে ললে ৫ লাখ টকা। আদালতত ধৰ্ষণ কাণ্ডৰ সাক্ষ্য  সলনি কৰাৰ বাবে টকা লয় পিতৃয়ে। এই তথা নিৰ্যাতিতা ১৫ বছৰীয়া কন্যাই অৱগত হোৱাত কাষ চাপে আৰক্ষীৰ। দিল্লীৰ প্ৰেম নগৰৰ অমন বিহাৰ এলেকাৰ ঘটনা এয়া।

অভিভাৱকে অভিযুক্তৰ পৰা লোৱা পাঁচ লাখ টকা আগধন লোৱাৰ কথা গোপনে অৱগত হৈ নাবালিকাগৰাকীয়ে পিতৃ-মাতৃৰ বিৰুদ্ধে খোদ আৰক্ষী থানাত উপস্থিত হয়। 

তাতেই তেওঁ কয় যে তেওঁৰ অভিভাৱকে উৎকোচ লৈ আদালতত তেওঁৰ ভাষ্য সলনি কৰিবলৈ জোৰ দিব। সেয়ে আৰক্ষীক জনোৱাটোৱেই উচিত বুলি বিবেচনা কৰে নাবালিকাই। লগত লৈ অহা টকাখিনি ৩ লাখ বুলি কয় যদিও আৰক্ষীয়ে গণি চাই তাতে ৪.৯ লাখ টকা থকা বুলি নিশ্চিত হয় আৰক্ষীয়ে।

উপায়ুক্ত এমএন তিৱাৰীয়ে ইতিমধ্যে নাবালিকাৰ মাতৃত গ্ৰেপ্তাৰ কৰিছে। ইফালে পিতৃ পলাতক অৱস্থাত আছে। উল্লেখ্য যে ২০১৭ বৰ্ষৰ আগস্ত মাহত কন্যাগৰাকী নিৰুদ্দেশ হোৱা বুলি অমন বিহাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল অভিভাৱকে।