Rohingiyas, Photo Courtesy: The Wire

গুৱাহাটীঃ ম্যানমাৰৰ ৰাখাইন প্ৰদেশত দেশখনৰ চৰকাৰ তথা সেনাই ৰোহিংগীয়া মুছলমানৰ বিৰুদ্ধে যি অভিযান চলাইছিল, তাৰ পৰিণতিত এই লোকসকলে ঘৰ-ভেটি এৰি বাংলাদেশত প্ৰৱেশ কৰিছে। এই প্ৰব্ৰজনে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰাৰ সময়তে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে। এই দেশান্তৰিত লোকসকল উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিব বুলি চোৰাংচোৱা সংস্থাসমূহে সাবধান কৰি দিছিল। 

শুকুৰবাৰে মণিপুৰৰ সীমান্ত চহৰ ম'ৰেত তিনিজন ৰোহিংগীয়া যুৱকক চি আই ডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ভাৰত-ম্যানমাৰ সীমান্ত সম্প্ৰতি মানৱ সৰবৰাহ আৰু ক'লা বেহাৰ ভূস্বৰ্গলৈ পৰ্যবসিত হৈছে। চিআইডিৰ অধীক্ষক এছ ইবনচা সিঙৰ নেতৃত্বৰ এটা দলে ১৯ বছৰীয়া নুৰুল হাকিম আৰু মহম্মদ কালিমুল্লা তথা ২০ বছৰীয়া ছবিৰ আহমেদক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱককেইজনে জেৰাৰ সময়ত প্ৰকাশ কৰা তথ্যই সকলোকে সচকিত কৰি তুলিছে। 

ম্যানমাৰৰ অগ্নিগৰ্ভ ৰাখাইন প্ৰদেশৰ এই যুৱককেইজনক মালায়েছিয়াত চাকৰি দিয়াৰ প্ৰলোভনেৰে এজেন্টে বাংলাদেশ হৈ ত্ৰিপুৰাৰ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰোৱায়। যুৱককেইজনৰ পৰিয়ালক এজেন্টে বিনিময়ত ম্যানমাৰৰ মুদ্ৰাৰ ২২ লাখ ক্যাট ধন আদায় দিয়ে। ত্ৰিপুৰাৰ কুখ্যাত মানৱ সৰবৰাহকাৰী অঞ্চল সোনামুৰাৰে ভাৰতত প্ৰৱেশ কৰা যুৱককেইজনে এদিন আগৰতলাত থাকি গুৱাহাটী-ডিমাপুৰ হৈ ইম্ফল পায়গৈ। মণিপুৰী মুছলমান পাংগাল অধ্যুষিত থাওবাল জিলাৰ লিলঙত তেওঁলোকে পাঁচ দিন কটাই সীমান্ত চহৰ ম'ৰে পায়গৈ। তাত তিনিদিন থকাৰ পাছতে তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। 

ধৃত ৰোহিংগীয়া যুৱককেইজনে গুৱাহাটী হৈ যোৱা ঘটনাই ভবাই তুলিছে ৰাজ্যবাসীক। যুৱককেইজনক মালয়েছিয়ালৈ প্ৰেৰণৰ পৰিকল্পনাৰে এজেন্টে ভাৰতত অনুপ্ৰৱেশ কাৰাইছিল যদিও তেওঁলোকক পুনৰ কিয় ম্যানমাৰ সীমান্তলৈ লৈ অনা হৈছিল, সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে চোৰাংচোৱা সংস্থাসমূহে।