গুৱাহাটীঃ ৰাজ্যৰ হিন্দু সমাজক একত্ৰিত কৰিব আৰ এছ এছে৷ ইতিমধ্যে গাৱে-ভূঞে এই অভিযান আৰম্ভ কৰিছে সংগঠনটোৱে৷ গুৱাহাটী মহানগৰীত সংগঠনটোৱে আজি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পদযাত্ৰা কৰে৷
কেইবাশতাধিক আৰ এছ এছ কৰ্মীয়ে পুৱা ৯-৩০ বজাত লতাশিল খেলপথাৰৰ পৰা উজানবজাৰ হৈ পদযাত্ৰা কৰি মহানগৰীৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰে।
সংগঠনটোৰ পদ সঞ্চালনা দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ লতাশিল খেলপথাৰৰ পৰা অাৰম্ভ কৰা পদযাত্ৰাত প্ৰায় ১৫০০ কৰ্মীয়ে অংশ লয়।