চামগুৰিঃ হিন্দু-মুছলমানৰ মিলনভূমি হিচাপে খ্যাত নগাঁও জিলাৰ পুৰণিগুদামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ১ঌo৯ চনত স্থাপন হোৱা দুমহলীয়া মছজিদৰ মীনাৰটো অসমীয়া নতুন বছৰৰ আৰম্ভণিতে স্থানান্তৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে অতি ক্ষীপ্ৰতাৰে। 

১ঌo৯ চনত পুৰণিগুদামৰ এগৰাকী স্থানীয় ব্যক্তি ছাজিদুৰ ৰহমানৰ মাতৃৰ আৰ্থিক অনুদানৰে বৰ্তমানৰ বাংলাদেশৰ ঢাকাৰ এগৰাকী প্ৰসিদ্ধ ৰাজ মিস্ত্ৰীৰিয়ে এই মিনাৰটো নিৰ্মাণ কৰি উলিয়াইছিল। লোহাৰ ৰ'দৰ সলনি পৈণত তামোল গছ আৰু পৈণত বাঁহ আদিৰ লগতে চিমেন্ট পৰিৱৰ্তে চূণ, ধূণা, হাঁহ কণী, মাটিমাহ আদি ব্যৱহাৰ কৰি কামাখ্যা মন্দিৰ আৰু ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা দুখলপীয়া মিনাৰটো ১৯৫০ চনৰ বৰভূঁইকপৰ লগতে গধুৰ যানবাহনৰ দুৰ্ঘটনাৰ পৰাও সুৰক্ষিতহৈ অক্ষত অৱস্থাত থকা তথা বিগত ১১২ বছৰে ঐতিহ্য বহন কৰি ৰখা দুই মহলীয়া মিনাৰটো স্থানান্তৰ কৰাক লৈ সম্প্ৰতি উৎফুল্লিত হৈ পৰিছে সমূহ পুৰণিগুদামবাসী। 

উল্লেখযোগ্য যে, মিনাৰটোৰ সমীপৰে পাৰহৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱাক চাৰিলেনযুক্ত পথলৈ সম্প্ৰসাৰণ কাম প্ৰাধীকৰণে হাতত লোৱাত ঐতিহাসিক মিনাৰটোলৈ চূড়ান্ত ভাবুকি কঢ়িয়াই আনিছিল। ১১২ টা বছৰ গৰকা ঐতিহাসিক মিনাৰটো সংৰক্ষণৰ বাবে স্থানীয় হিন্দু-মুছলমান উভৈয় সমাজে উঠি-পৰি লাগিছিল যদিও নিৰাশ হ'বলগীয়া হৈছিল। 

এনে সময়তে ২০১৬ চনৰ ১৪ জুনত স্থানীয় চিত্ৰৰঞ্জন বৰা আৰু পত্নী মেঘালী গায়নে ফেচবুকত মিনাৰটোৰ সংৰক্ষণৰ সন্দৰ্ভত কৰা এটা প'ষ্টৰ সহাৰি জনাই দেৱদূত হৈ ঐতিহাসিক মিনাৰটো সংৰক্ষণৰ বাবে আগবাঢ়ি আহিল "ইম্পেৰিয়েল ডেকৰ"ৰ স্বত্বাধিকাৰী ৱাকিল আহমেদ নামৰ যোৰহাটৰ এজন উদীয়মান কাৰিকৰী যুৱক। 

যুৱকজনে প্ৰদান কৰা গুৰুত্বপূৰ্ণ সহযোগিতাৰ পাছত পুৰণিগুদামৰ আঞ্জুমান-ই-ইছলামিয়া নামৰ সংগঠনটোৱে হাৰিয়ানাৰ আৰ "আৰআৰএণ্ড ছনছ" নামৰ কোম্পানীটোৰ লগত যোগাযোগ কৰি অভিযন্ত্ৰা গুৰজিৎ সিঙ আৰু যোৰহাটৰ ৱাকিল আহমেদৰ তৎত্বাবধানত পুৰণিগুদামৰ এই মিনাৰটো ৭০ ফুট দুৰত্বলৈ স্থানান্তৰৰ কাম আৰম্ভ কৰে। 

বিগত এমাহত মিনাৰটো নিৰ্দিষ্ট স্থানলৈ চলাই নিব পৰা সকলো অত্যাধুনিক কৰিকৰী কৌশল প্ৰয়োগ কৰি যোৱা এসপ্তাহ ধৰি মিনাৰটো চলাই নিয়া কাম আৰম্ভ কৰিছে বুলি আঞ্জুমান-ই-ইছলামিয়াৰ বিষয়ববীয়াই সাংবাদিকক জানিবলৈ দিছে।

মিনাৰটোৰ তলত ৰে’লৰ চিৰি সদৃশ প্লেট বহুৱাই বিয়েৰিং আৰু জেকৰ জৰিয়তে মিনাৰটো পূৰ্বৰ স্থানৰপৰা ইতিমধ্যেই প্ৰায় ৪৫ ফুট স্থানান্তৰ কৰা হৈছে। এক অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে যোৱা দুদিন আৰম্ভ হোৱা মিনাৰ স্থানান্তৰৰ কাম অহা ১o দিনৰ ভিতৰ সম্পূৰ্ণ হৈ উঠিব বুলি জানিব পৰা গৈছে। 

আনহাতে মিনাৰটো স্থানান্তৰ কৰাৰ সময়তে মিনাৰৰ ভিতৰৰ তলৰ অংশত অক্ষত অৱস্থাত থকা দুটা কেৰাহী সদৃশ যতন ওলোৱাত পুৰণিগুদামবাসীয়ে কেৰাহী দুটা চাবলৈ মছজিদৰ প্ৰাংগন লোকাৰণ্য হৈ পৰে। 

স্থানীয় ৰাইজে কেৰাহী সদৃশ সম্পদ দুটা পূৰ্বে ৰন্ধন-পকৰণৰ কামত অথবা পূৰ্বে মিনাৰটোৰ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হৈছিল বুলি সন্দেহ কৰাৰ লগতে উদ্ধাৰ হোৱা কেৰাহী দুটা প্ৰায় ১৩০ বছৰ মান পুৰণি হ’ব বুলি ঠাৱৰ কৰিছে স্থানীয় উৎকণ্ঠিত ৰাইজে।

অৱশ্যে মিনাৰটোৰ তলৰ পৰা উদ্ধাৰ হোৱা এই দুই আপুৰুগীয়া সম্পদৰাজীক উচিত সংৰক্ষণৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰকাৰৰ পুৰাতত্ব বিভাগক আহ্বান জনাইছে পুৰণিগুদামৰ স্থানীয় আঞ্জুমা-ই-ইছলামীয়াৰ কৃতপক্ষই।