![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/download%20%284%29_6.jpg?itok=20Td0Xhp)
newsnextone.com | চতিয়াঃ বিহালী বিধানসভা সমষ্টিৰ এক বাতৰিক লৈ বিশ্বনাথ জিলা কংগ্ৰেছৰ সম্পাদক তুষাৰ বৰাই বিশ্বনাথৰ পেঞ্চন প্ৰাপ্ত সাংবাদিক অমিতাভ বৰুৱাক স্পষ্টীকৰণৰ নামত অশোভনীয় শব্দ প্ৰয়োগ কৰা কাৰ্যই জিলাখনৰ সাংবাদিক সকলক মৰ্মাহত কৰি তুলিছে৷
গুৱাহাটীৰ পৰা প্ৰকাশিত এখন কাকতত বিহালীৰ বিজেপিৰ সভাত বহুকেইজন কংগ্ৰেছৰ সদস্যই দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে বুলি ঘোষণা কৰি দলৰ ফালৰ পৰা গামোচা পিন্ধাইছিল।এই বাতৰি সাংবাদিক গৰাকীয়ে প্ৰকাশ কৰাত অসন্তুষ্টি প্ৰকাশ কৰে জিলা কংগ্ৰেছৰ সম্পাদক তুষাৰ বৰাই।
তেওঁৰ মতে সেই কেইজন কংগ্ৰেছৰ সদস্য নহয়৷ এই সাধাৰণ কথাটোৰ স্পষ্টীকৰণ দিবলৈ গৈ তুষাৰ বৰাই জ্যেষ্ঠ সাংবাদিকগৰাকীক অশোভনীয় শব্দ ব্যৱহাৰ কৰি স্পষ্টীকৰণ প্ৰকাশৰ বাবে সাংবাদিকলৈ প্ৰেৰণ কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জিলাখনৰ সাংবাদিক মহলৰ মাজত।
এটা আগশাৰীৰ ৰাজনৈতিক দলৰ নেতাই সাংবাদিকৰ চৰিত্ৰ হনন কৰি সমগ্ৰ সাংবাদিক সমাজৰ মুখ বন্ধ কৰিব বিচাৰিছে নেকি বুলি এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। আনহাতে তুষাৰ বৰা নামৰ কংগ্ৰেছ নেতা গৰাকীৰ বক্তব্যই তেওঁৰ মানসিকতা স্পষ্ট কৰি দিছে বুলি একাংশ মন্তব্য কৰিছে। জিলাখনৰ সাংবাদিক মহলে তুষাৰ বৰাক সকিয়াই দিছে যদি প্ৰকাশিত বাতৰিৰ তথ্য ভুল বুলি অনুভৱ কৰিছে আইনৰ আশ্ৰয় লব লাগিছিল ব্যক্তিগত আক্ৰমণ নহয়।
তুষাৰ বৰা ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকি গণতন্ত্ৰক সন্মান কৰিবলৈ শিকক বুলি মন্তব্য কৰি কংগ্ৰেছ নেতা তুষাৰ বৰাৰ এনে কাৰ্যক আপকুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰধান হেমন্ত শইকীয়াই তীব্ৰ গৰিহণা দিছে।