নলবাৰীৰ লগতে দলগাঁৱতো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদ্যাপন
নলবাৰীঃ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি আজি নলবাৰী জিলাৰ অন্তৰ্গত বালিতাৰা দিব্য বন্তি হাইস্কুলত যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ “গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০১৯”ৰ নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ ২৯ জন ছাত্ৰ- ছাত্ৰীৰ সহযোগত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত বিদ্যালয়ৰ নগেন্দ্ৰ নাথ তালুকদাৰ সোঁৱৰণী সভাঘৰত আজি ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ উপলক্ষে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়।
অনুষ্ঠানত বক্তব্য ৰাখে হাইস্কুলখনৰ প্ৰধান শিক্ষক প্ৰমোদ চন্দ্ৰ বৰ্মন আৰু সহকাৰী বিজ্ঞান শিক্ষক ৰমেন কলিতাই। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ,ৰচনা আৰু চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কৃত কৰা হয়।
পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়তো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদ্যাপন
দলগাঁওঃ আনহাতে, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে আজি দলগাঁওস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ত কৃষিখণ্ডত বতৰ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ শীৰ্ষক এটি আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়।
অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ উদ্যোগত অনুষ্ঠিত আলোচনা চক্ৰখনত মহাবিদ্যালয় খনৰ অধ্যক্ষ লক্ষীপ্ৰসাদ হাজৰিকাই পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেঙ্কটৰমনৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনৰ পিছত সমল ব্যক্তি হিচাপে উপস্থিত থকা বিভিন্ন ব্যক্তিয়ে বক্তব্য প্ৰদান কৰে৷
আলোচনাচক্ৰ খনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে শিক্ষাবিদ তথা পৰিৱেশবিদ প্ৰাধ্যাপক অৱনী কুমাৰ ভাগৱতী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰানী বিজ্ঞান বিভাগৰ প্ৰৱক্তা মানৱ সম্পদ উন্নয়ন বিভাগৰ সঞ্চালক প্ৰাধ্যাপক যোগেন চন্দ্ৰ কলিতা। যোগেন চন্দ্ৰ কলিতাই বহুমূলীয়া ভাষন দি ছাত্ৰ - ছাত্ৰীসকলক দেশখনৰ সু-নাগৰিক হোৱাৰ লগতে শিক্ষা ব্যৱস্থাটোক সফল কেনেকৈ কৰি তুলিব পাৰি তাৰ প্ৰতি আহৱান জনায়।
ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি কলিতায় কয় যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাটো দেশৰ প্ৰত্যেকজন নাগৰিকৰ প্ৰধান দায়িত্ব। তাৰোপৰি দহ হাজাৰ বছৰ পূৰ্বৰ পৃথিৱীৰখনৰ পৰা সাম্প্ৰতিক সময়লৈকে ঘটা উল্লেখযোগ্য প্ৰাকৃতিক আৰু মানৱ সৃষ্ট ঘটনা সমূহৰ বিশ্লেষণাত্মক বাখ্যা আগবঢ়াই।
আধুনিক কৃষি-পদ্ধতিৰ আঁসোৱাহ দাঙি ধৰি উৎপাদনক্ষম আৰু বহনক্ষম বিকাশত মানুহৰ ভূমিকাৰ বিষয়ে অৱগত কৰাৰ লগতে পৰিবেশ সুৰক্ষাক প্ৰাধান্য দিবলৈ আহ্বান জনায়৷ সমন্বয়কৰ ভূমিকা পালন কৰে মহাবিদ্যালয় খনৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক দিগন্ত বৰুৱাই।