নতুন দিল্লীঃ ইতিহাসৰ পঢ়ুৱৈয়ে চলাব দেশৰ সৰ্বোচ্চ বিত্তীয় প্ৰতিষ্ঠান! ভাৰতীয় ৰিৰ্জাভ বেংকৰ ২৫ সংখ্যক গৱৰ্নৰ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা শক্তিকান্ত দাস অৰ্থনীতি বিজ্ঞানত নহয়, ইতিহাসতহে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।

ৰঘুৰাম ৰাজন আৰু উৰ্জিৎ পেটেলৰ দৰে অৰ্থনীতিবিদৰ পূৰ্বে কেন্দ্ৰীয় বেংকটোৰ দায়িত্বভাৰ লোৱা আই এ এছ বিষয়া আছিল ডি চুব্বাৰাও। অৱশ্যে ডি চুব্বাৰাও আই এছ বিষয়া হ'লেও তেওঁ অৰ্থশাস্ত্ৰৰ ছাত্ৰ আছিল৷

নৱ নিযুক্ত শক্তিকান্ত দাসে দিল্লী বিশ্ববিদ্যালয়ৰপৰা ইতিহাসত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বেংগালুৰুৰ আই আই এমত বিত্তীয় প্ৰৱন্ধন পাঠ্যক্ৰমত শিক্ষা লাভ কৰে৷ উল্লেখযোগ্য যে, ১৯৯০ চনত আৰ বি আইৰ সচিব হিচাপে কাম কৰাৰ সময়ত এছ ভেংকটৰমন আৰ বি আইৰ গৰ্ৱনৰ পদত নিযুক্ত হৈ হৈছিল৷

আনহাতে শক্তিকান্ত দাসে ৰাজহ বিভাগৰ সচিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসনৰ আৰম্ভণিত অৰ্থনীতি বিভাগৰ সচিব হিচাপে কাম কৰিছিল৷

ডি চুব্বাৰাওৰ লগতে পূৰ্বৰ গৰ্ৱনৰ ৰঘুৰাম ৰাজন আৰু উৰ্জিৎ পেটেল প্ৰতিস্থিত অৰ্থশাস্ত্ৰ বিষাৰদ৷ দেশৰ আৰ বি আইৰ দৰে সৰ্বোচ্চ প্ৰতিষ্ঠানৰ দায়িত্ব লোৱা ১২ জন অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াৰ ভিতৰত শক্তিকান্ত দাস এজন৷

দেশত বিত্তীয় অসমতা বৃদ্ধি পোৱাৰ সংকটজনক সময়ত অৰ্থনীতিবিদৰ সলনি ইতিহাসৰ ছাত্ৰ এজনে কেনেকৈ ভাৰতৰ বিত্তীয় নীতি-নিয়ম নিৰ্ধাৰণ কৰি আগবাঢ়ি যায় সেয়া হ'ব অতিকৈ লক্ষ্যণীয়।