![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/4f6516ec-1e1c-44ae-8bbb-ff73686b06e4.jpg?itok=k0-fCpTr)
নতুন দিল্লীঃ অৱশেষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক চিৰ বিদায় জনালে পাকিস্তানৰ অভিজ্ঞ ক্ৰিকেটাৰ ছোৱেইব মালিকে।
বিশ্বকাপত পাকিস্তান আৰু বাংলাদেশৰ লগতে খেলা অন্তিমখন খেলৰ পাছত তেওঁ অৱসৰ লোৱাৰ বিষয়ে ঘোষণা কৰে৷
বিশ্বকাপত বাংলাদেশক ৯৪ ৰানত পৰাস্ত কৰি পাকিস্তানে সামৰে অভিযান। ইতিমধ্যে বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পিছৰ পৰাই পাকিস্তান দলক তীব্ৰ সমালোচনা কৰি আহিছিল পাকিস্তানৰ ক্ৰিকেট অনুৰাগীসকলে।
২০ বছৰীয়া ক্ৰিকেট কেৰিয়াৰত মালিকে সৰ্বমুঠ ২৮৭ খন এদিনীয়া মেচত ভাগলৈ গড়ে ৩৪.৫৫ ৰানেৰে মুঠ ৭৫৩৪ ৰান সংগ্ৰহ কৰিছে, য’ত আছে ৯ টা শতৰাণ আৰু ৪৪ টা অৰ্ধশতক। সেইদৰে দখল কৰিছে ১৫৮ টা উইকেট। শেষত তেওঁ অনুৰাগী, প্ৰশিক্ষক, খেলুৱৈ তথা সকলোকে ধন্যবাদ জনাই বিদায় লয়৷