![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/429719_125666927558834_374378954_n.jpg?itok=_mExnHi8)
গুৱাহাটীঃ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পৰ্বত সম সম্পত্তিৰ হিচাপ দাখিল কৰি ৰাজ্যত হৈ চে লগোৱা কংগ্ৰেছ নেতা অনিল ৰাজাক অৱশেষত দলে বহিস্কাৰ কৰে৷ দল বিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত অৱশেষত দলৰ পৰা বহিস্কাৰ কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে৷
দলৰ ৰাজ্যিক সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা কংগ্ৰেছ নেতা অনিল ৰাজাৰ বিৰুদ্ধে সতীৰ্থৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰে দলে৷ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা প্ৰভাৱশালী নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ লগতে পৰ্বতসম সম্পত্তিৰ তালিকা সংবাদ মাধ্যমক প্ৰদান কৰা কাৰ্যৰ বাবে ৰাজাক দোষী সাব্যস্ত কৰে দলে।
অনিল ৰাজাৰ বিৰুদ্ধে দলবিৰোধী কাৰ্য-কলাপত লিপ্ত থকাৰ লগতে দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগৰ পিছত কংগ্ৰেছ দলে প্ৰেৰণ কৰা শ্ব’কজৰ উত্তৰ নিদিয়াত সোমবাৰে অনিল ৰাজাক কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ কৰে। কংগ্ৰেছৰ মুখপাত্ৰ দ্বিজেই শৰ্মাই ৰাজীৱ ভৱনত অনুষ্ঠিত ক’ৰ সমিতিৰ বৈঠকৰ সিদ্ধান্ত মৰ্মে ৰাজাক বহিস্কাৰ কৰা বুলি কয়।
আনহাতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা গোলাম নবী আজাদে উত্তৰ পূৱ ভ্ৰমনলৈ অহাৰ সময়ত দেওবাৰে মহানগৰীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰিছিল৷ উক্ত সময়ত অনিল ৰাজাৰ বিৰুদ্ধে একাংশ নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাজীৱ ভৱনত। আনহাতে যোৱা সোমবাৰে ৰকিবুল আৰু ৰাজাৰ সমৰ্থকৰ মাজত মাৰপিট লাগে ৰাজীৱ ভৱনত। আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব লগা হয় পৰিস্থিতি।