![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/ccf13917-dbcb-4951-9528-43c42ded108f.jpg?itok=s9uQ1WjZ)
তামুলপুৰঃ ভাৰতীয় বায়ুসেনা বাহিনীৰ দ্বাৰা পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমন কৰা ঘটনাক উষ্মা আদৰণি জনাইছে ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে৷ আনহাতে, দৈমাৰীয়ে সদায় শত্ৰুপক্ষৰ সতে যুঁজ দিয়াৰ বাবে ভাৰতীয় সেনা বাহিনীক সাহস দি কয় যে আমি ভাৰতৰ সকলো জনসাধাৰণ ভাৰতীয় সেনা বাহিনীৰ লগত আছো৷ আজি তামুলপুৰৰ কলবাৰীত বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ ঘৰত উপস্থিত হৈ সাংসদ গৰাকীয়ে এনেদৰে কয়৷
আজি ৰাতিপুৱাৰ ভাগতে অসমৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম উপস্থিত হৈ শ্বহীদৰ পৰিয়ালটোক গভীৰ সমবেদনা জনায়৷ ইপিনে শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৱিত্ৰ আদ্যশ্ৰাদ্ধ অহা ৩ মাৰ্চ ৰবিবাৰে ৰাজহুৱাভাৱে অনুষ্ঠিত কৰাৰ বাবে ব্যাপক আয়োজন চলিছে৷ আদ্যশ্ৰাদ্ধ আয়োজন সমিতিৰ হৈ ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সাংবাদিকক কয় য়ে বীৰ শ্বহীদ মনেশ্বৰ বসমতাৰীৰ শোকসন্তপ্ত পৰিয়ালক এখন্তেক আহি যি সকল ৰাজনৈতিক-অৰাজনৈতিক, সামাজিক, সাংস্কৃতিক দল সংগঠন সংবাদ প্ৰতিষ্ঠান, প্ৰশাসনৰ আমোলা বিষয়া শোকৰ সমভাগী হৈছে সেই সকলক পৰিয়াল তথা আদ্যশ্ৰাদ্ধ আদৰণি সমিতি তৰফৰপৰা শ্ৰদ্ধা জ্ঞাপন কৰে৷
পবিত্ৰ আদ্যশ্ৰাদ্ধৰ দিনা আদ্যশ্ৰাদ্ধ থলী এখন্তেক উপস্থিত হৈ পৰিয়ালক দেখা কৰিবলৈ অনুৰোধ জনায় ৷ ইতিমধ্যে শ্বহীদ গৰাকীৰ আদ্যশ্ৰাদ্ধলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল মন্ত্ৰী, বি টি চিৰ চীফ হাগ্ৰামা মহিলাৰী সহ কাৰ্যবাহী সদস্য বিশিষ্ট নাগৰিক কে ধৰি প্ৰশাসনৰ আমোলা, বিষয়া আৰু ৰাইজ উপস্থিত হোৱাৰ কথা আছে বুলি জানিব পৰা গৈছে৷