
ডিজিটেল ডেস্কঃ একবিংশ শতিকতো দেশত অন্ত পৰা নাই অন্ধবিশ্বাসৰ। ২২ বৰ্ষীয় পুত্ৰৰ 'প্ৰাণবায়ু’ ঘুৰাই আনিবলৈ অসহায় পৰিয়ালে অন্ধবিশ্বাসৰ আশ্ৰয় লোৱা শেহতীয়া এক ঘটনাই সংবাদমাধ্যমত খলকনি তুলিছে।
ৰাজস্থানৰ কোটা চহৰত নিউ মেডিকেল হস্পিতালত আইচিইউত থকা হেমৰাজ নামৰ যুৱকজনৰ মৃত্যুৰ পিছত ৪ ঘণ্টালৈকে পৰিয়ালবৰ্গ আইচিইউতে বহি থাকিল। বুধবাৰে নিশা হেমৰাজ মৃত বুলি ঘোষণা কৰাৰ পিছত হস্পিতালৰ কৰ্তৃপক্ষই ভেণ্টিলেটৰ চাপ’ৰ্ট আঁতৰাবলৈ চেষ্টা কৰিবলৈ বিচাৰে যদিও অমান্তি হয় পৰিয়ালবৰ্গ। শোকস্তব্ধ পৰিয়ালেৰ মন্তব্য-'তাক আমনি নিদিব, সি তেতিয়া ঘুৰি আহিব’।
পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হেমৰাজক প্ৰাণ ঘুৰাই অনাৰ বাবে পৰিয়ালবৰ্গই লগে লগে এজন তান্ত্ৰিকক মাতি আনে। হস্পিতালৰ অধীক্ষক আৰ কে মীনাৰ ভাষ্য মতে আইচিইউতে তান্ত্ৰিকজনে তন্ত্ৰ-মন্ত্ৰ কৰিবলৈ আৰম্ভ কৰে।
মন্ত্ৰোচ্চাৰণৰ মাজতে নেমু কাটি, পানী চটিয়াই মৃতদেহৰ ওপৰতে চলিল অন্ধবিশ্বাসৰ কুচকাৱাজ। ইয়াতেই কৰ্মকাণ্ড শেষ নকৰি তান্ত্ৰিকে কুকুৰা এটা অনাই তাতেই আহুতি দিয়ে। এনেদৰে চাৰিঘণ্টা হতবাক হৈ ৰয় হস্পিতালৰ কৰ্তৃপক্ষ।
শোকত ম্ৰিয়মান হৈ পৰা পৰিয়ালটোৰ অনুভূতিত আঘাত দিব নোখোজা বাবেই হস্পিতালৰ কৰ্তৃপজ্ঞই নিৰ্বিচাৰে সকলো কৰ্ম-কাণ্ড চাই থাকে। হেৰোৱা পুত্ৰক পাবৰ বাবে হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা পৰিয়ালটোৰ অৱস্থা দেখি হস্পিতালৰ কৰ্মচাৰীৰো চকু চলচলীয়া হৈ পৰে।
বঞ্জাৰা সম্প্ৰদায়ৰ যুৱক হেমৰাজ গোটেই বংশটোৰ ভিতৰতে পঢ়া-শুনাত আগবঢ়া আছিল বুলি খুড়াক বাণ্টি সিঙে দুখ কৰি কয়।