
গুৱাহাটীঃ জনসংযোগ বিভাগ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ত নিযুক্তি কেলেংকাৰীৰ চিবিআইৰ তদন্তৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাই বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।
উক্ত কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনায় কামৰূপ মহানগৰ জিলা সমিতিয়েও মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত গ্ৰহণ কৰে এই বিক্ষোভ কাৰ্যসূচী। উক্তি কাৰ্যসূচীত অংশগ্ৰহণ কৰে কামৰূপ জিলা ছাত্ৰ-সন্থাৰ সদস্যসকলৰ লগতে বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে।
বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি গুৱাহাটীৰ ছাত্ৰ সন্থাৰ দাবী দুৰ্নীতিৰ বিৰুদ্ধে শূন সহনশীলতা কথাকোৱা মুখ্যমন্ত্ৰীৰ অধীনত থকা জনসংযোগ বিভাগত এতিয়া নিযুক্তিৰ নামত চলিছে দুৰ্নীতি।তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে দুৰ্নীতি বিৰুদ্ধে শূণ্য সহনশীলতা কথা কোৱাটো অতি দুখজনক৷
ইয়াৰ উপৰিও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি নামত যি দুৰ্নীতি হৈছে তাৰ উচিত তদন্তৰ বাবে চি বি আই দায়িত্ব দিয়াৰ দাবী জনায়। লগতে যদি চৰকাৰৰ সৎ সাহস আছে তেন্তে যি সকলে নিযুক্তি পাইছে সেই সকলৰ নম্বৰ তালিকাখন ৰাজহুৱা কৰিব লাগে বুলি দাবী জনায়।
ইয়াৰ উপৰিও পৰীক্ষাৰ অনুষ্ঠিত কৰা ব্লুম ইলেক্ট্ৰনিকছৰ বিৰুদ্ধে উচিত তদন্তৰ কৰি বিহীত ব্যৱস্থা লোৱাৰো দাবী জনায়।
আনহাতে যদিহে এই দুয়োটা বিভাগৰ নিযুক্তি কেলেংকাৰীৰ বিৰূদ্ধে চৰকাৰৰ উচিত ব্যৱস্থা নলয় তেন্তে অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাই আৰু ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলিও জানিবলৈ দিয়ে।
উল্লেখ যে এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে আছুৰ সাধাৰণ সম্পাদক লোৰিণজ্যোতি গগৈ। জনসংযোগ বিভাগ আৰু মন্ত্ৰী নৱ কুমাৰ দলে অধীনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ত নিযুক্তি কেলেংকাৰীৰ উচিত তদন্তৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাৰ৷