গুৱাহাটীঃ প্ৰতি বছৰৰ দৰে এইবাৰো গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ-শিল্পী-সাহিত্যিক কল্যান ন্যাসে দেওবাৰে প্ৰদান কৰে স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা। গুৱাহাটী উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত কন্ঠশিল্পী পংকজ বৰদলৈক প্ৰদান কৰা হয় ২০১৯ বর্ষ অমূল্য কাকতি স্মাৰক বঁটা।

উক্ত বঁটা আছে গামোচা, চেলেং, স্মাৰক, ২৫ হাজাৰ টকা লগতে এটা ফুলৰ থুপা। উল্লেখ যে কণ্ঠশিল্পী পংকজ বৰদলৈক এই বঁটা প্ৰদানৰ বাবে নিৰ্বাচিত কৰাৰ মূল কাৰণ হল জ্যোতি-বিষ্ণুৰপৰা আৰম্ভ কৰি অসমৰ কালজয়ী গীতসমূহ প্ৰকৃত সুৰ আৰু কথাৰ মাজেৰে আগবঢ়াই নিয়াৰ লগতে গীতসমূহ অবিকৃত ৰূপত তুলি ধৰা চেষ্টা চলোৱা বাবে এই বঁটা প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে ছাত্ৰ-শিল্পী-সাহিত্যক কল্যান ন্যাসৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

লগতে তেওঁ কয় যে সদৌ গুৱাহাটী ছাত্ৰ-সন্থাৰ নেতৃত্ব গঠিত হোৱা এই ন্যাসে ৰাজ্যখনৰ চুকে-কোনে নীৰৱে-নিৰলে কাম কৰি থকা শিল্পী-সাহিত্যকসকলক এখন মঞ্চ দিয়াৰ লগতে আৰ্থিকভাৱে আগবঢ়াই নিয়াৰ কথা। ইয়াৰ উপৰিও তেওঁ কয় ন্যাসৰ ফালৰপৰা আৰ্থিকভাৱে দুৰ্বল মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক পঢ়াৰ বাবে আৰ্থিকভাৱে সহায় কৰাৰ লগতে বহুকেইজন ছাত্ৰ-ছাত্ৰীক বৰ্তমান সময়ত ন্যাসৰ ফালৰপৰা পঢ়াই থকা বুলিও জানিবলৈ দিয়ে।

আনহাতে এই অনুষ্ঠানত ২০১৯ বর্ষ অমূল্য কাকতি বঁটা অনুষ্ঠানিকভাবে পংকজ বৰদলৈক প্ৰদান কৰে জ্যেষ্ঠ অভিনেত্ৰী মৃদুলা বৰুৱাই। বঁটা প্ৰদান কৰি তেওঁ কয় যে এজন যোগ্য ব্যক্তি নামত প্ৰদান কৰা বঁটা এজন যোগ্য ব্যক্তিৰ হাতত অৰ্পন কৰা হৈছে। তাৰ বাবে সদৌ অসম ছাত্ৰ-সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাক ধন্যবাদ জনায়। ইয়াৰ উপৰিও তেওঁ এই বঁটা প্ৰদান অনুষ্ঠানতে উল্লেখ কৰে শিল্পী অমূল্য কাকতিৰ সান্নিধ্যৰ বিষয়ে।

আনহাতে এই বঁটা গ্ৰহণ কৰি বিশিষ্ট কণ্ঠশিল্পী পংকজ বৰদলৈয়ে কয়, 'ইমান এটা ডাঙৰ বঁটাৰ বাবে মই কিমানদূৰ যোগ্য নাজানো। কিন্তু মোৰ আজি ভাল লাগিছে যে জীৱনৰ ৫৯ বছৰ বয়সত এইয়া মোৰ প্ৰথমটো স্মাৰক বঁটা। লগতে তেওঁ উল্লেখ কৰে ইয়াৰ আগতে মই বহুতো সম্বৰ্ধনা-পত্ৰ পাইছোঁ, কিন্তু এই বঁটাটোৱে মোৰ দায়িত্ব আৰু বৃদ্ধি কৰিলে। তাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাক তেওঁ ধন্যবাদ জনায়। ইয়াৰ উপৰিও তেওঁ এই বঁটা গ্ৰহণ কৰি জ্যোতি-বিষ্ণু কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰে।

এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থা সভাপতি দীপাংকৰ কুমাৰ নাথ, কণ্ঠশিল্পী মালবিকা বৰা, তৰালী শৰ্মা প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি তথা ছাত্ৰ-ছাত্ৰী।