![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/skb.jpg?itok=gE1U72U4)
গুৱাহাটীঃ তৃতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ভোটাধিকাৰ সাব্যস্ত কৰে।
দক্ষিণ শৰণীয়া প্ৰাথমিক বিদ্যালয়ত পুৱা ভাগতে সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ। ভোটাধিকাৰ সাব্যস্ত কৰি ভট্টাচাৰ্যই মন্তব্য কৰে, গণতন্ত্ৰত ৰাইজে ৰজা, আজি দিনটোত ৰাইজ ওলাই আহিছে সেই কথাই প্ৰমাণ কৰিছে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক অগোৱাই নিয়াৰ বাবে যে ৰাইজ আগ্ৰহী।
লগতে তেওঁ কয়, আজি দিনটো ৰাইজৰ দিন। ভট্টাচাৰ্যই কয় এইখন অসম আমাৰ, অসমখনত সদায় যাতে খিলঞ্জীয়া ৰাইজৰ প্ৰভুত্ব আৰু নিয়ন্ত্ৰণ থাকে। সদায় যাতে খিলঞ্জীয়া ৰাইজে নিৰ্ণায়ক ভূমিকা পালন কৰিব পৰাত তেওঁ গুৰুত্ব প্ৰদান কৰে।
আনহাতে ভোটকেন্দ্ৰসমূহত ভোটদাতা ৰাইজৰ দীঘলীয়া শাৰী কথা উল্লেখ কৰি তেওঁ কয়, এয়া গণতন্ত্ৰৰ বাবে ইতিবাচক লক্ষণ। গণতন্ত্ৰত যে ৰাইজ ৰজা সেই কথা প্ৰতিস্থা হোৱা বুলিও তেওঁ অভিমত ব্যক্ত কৰে।