বিশেষ প্ৰতিবেদনঃ শিক্ষাৰ গুণগত মানতকৈ ৰাজ্যত এতিয়া বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে শিক্ষকৰ পোচাক। চলিত বৰ্ষৰ মে' মাহত অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে আৰু আগষ্ট মাহত উচ্চ শিক্ষা সঞ্চালকালয়ে অসমৰ বিদ্যালয়, মহাবিদ্যালয়সমূহত কৰ্তব্যৰত সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ সাজ-পোচাকৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এই দুয়োখন চৰকাৰী নিৰ্দেশনা মতে তেওঁলোকে মাৰ্জিত আৰু গাম্ভীৰ্যপূৰ্ণ পোছাক পৰিধান কৰিহে কৰ্মস্থলীলৈ আহিব পাৰিব। ইয়াৰো এখোপ ওপৰলৈ গৈ চৰকাৰে সেই মাৰ্জিক পোছাকৰ তালিকা এখনো যোগ কৰি দিয়ে। চৰকাৰে শিক্ষকসকলৰ বাবে মাৰ্জিত ফৰ্মেল চাৰ্ট-পেণ্ট আৰু শিক্ষয়িত্ৰীসকলৰ বাবে মেখেলা-চাদৰ, শাৰী আৰু চেলোৱাৰ-চ্যুট পিন্ধাৰ অনুমতি দিছে। 

এই নিৰ্দেশনা অনুসৰি কোনো শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজ নিজ বিদ্যালয় বা মহাবিদ্যালয়লৈ জিঞ্চ পেণ্ট, টি-চাৰ্ট আৰু লেগিংছ পিন্ধি যাব নোৱাৰিব। এই নিৰ্দেশনাৰ কাৰণ দৰ্শাই ৰাজ্য চৰকাৰে কয় যে কিছুমান শিক্ষানুষ্ঠানৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীক ৰাজহুৱা স্থানত অগ্ৰহণীয় বা অমাৰ্জিত পোচাক পিন্ধি কৰ্মস্থলীলৈ অহা দেখা যায় আৰু তেনে পৰিপ্ৰেক্ষিততে ৰাজ্য চৰকাৰে সকলো শিক্ষক-শিক্ষয়িত্ৰীক পোচাকৰ ক্ষেত্ৰত কঠোৰ নিয়মানুৱৰ্তিতা বজাই ৰাখিবলৈ এই কঠোৰ নিৰ্দেশনা জাৰি কৰিবলগীয়া হৈছে।

নিৰ্দেশনাখনত আৰু আছে, "যিহেতু এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীক বিশেষকৈ কৰ্তব্যৰত সময়ত সকলো ধৰণৰ শালীনতাৰ উদাহৰণ হিচাপে গণ্য কৰা হয়, সেয়ে তেওঁলোকে এটা নিৰ্দিষ্ট সাজ-পোচাকৰ নিৰ্দেশনা অনুসৰণ কৰাটো প্ৰয়োজনীয় হৈ পৰে, যাতে ই কৰ্মক্ষেত্ৰত শালীনতা, শিষ্টাচাৰ, পেছাদাৰিত্ব আৰু উদ্দেশ্যৰ গাম্ভীৰ্য্যৰ এক অনুভূতি প্ৰতিফলিত কৰে।" চৰকাৰৰ এই নিৰ্দেশনাৰ পিছতে সৃষ্টি হয় মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। বহুতে দাবী কৰিছে, এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে কি পিন্ধিব, কি ক'ব, কি কৰিব সেয়া নিৰ্ধাৰণ কৰিব পৰাকৈ তেওঁলোকৰ নিজা বিবেক আছে। তাৰপিছতো এনে ধৰণে চৰকাৰী নিৰ্দেশনা জাৰি কৰা কাৰ্য্যই বহুতৰ মনত প্ৰশ্ন উত্থাপন কৰিছে।

নিৰ্মল হালৈ মহাবিদ্যালয় কাণ্ডৰ পিছতে বিতৰ্কৰ সূত্ৰপাত

বিভিন্ন বৃত্তিৰ ভিতৰত সমাজে সাধাৰণতে শিক্ষাদানৰ লগত জড়িত ব্যক্তিসকলক বিশেষ মৰ্যাদা দিয়ে আৰু সন্মানৰ দৃষ্টিৰে চায়, কাৰণ শিক্ষক সমাজে মানুহ গঢ়ে। শিক্ষক-শিক্ষয়িত্ৰীয়ে কি পিন্ধে, কি কৰে, কি কয়, তেওঁলোকৰ জীৱন যাপনৰ শৈলী আদিৰ ওপৰত সমাজে বেছিকৈ দৃষ্টি ৰাখে, যিয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ব্যক্তিগত জীৱন আৰু চিন্তাৰ স্বাধীনতাত যথেষ্ট প্ৰভাৱ পেলায়।

ইয়াৰ এক শেহতীয়া উদাহৰণ হ'ল যোৱা ৮ আগষ্টত বৰপেটা জিলাৰ বজালী অঞ্চলৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই মহাবিদ্যালয়খনৰ তিনিগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে লোৱা পদক্ষেপ। মহাবিদ্যালয়খনৰ তিনিগৰাকী নৱনিযুক্ত মহিলা প্ৰবক্তা লোহিতা হাজং, শৰ্মিষ্ঠা বৰা আৰু বৰ্ণালী শইকীয়াই শাৰীৰ সলনি চেলোৱাৰ-চুট পিন্ধি পাঠদানৰ বাবে কৰ্মস্থলীলৈ আহে। যাৰ বাবে মহাবিদ্যালয়খনত এক বিতৰ্কৰ সূচনা হয়।

মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই চুৰিদাৰ-চ্যুট পিন্ধি পাঠদান কৰিবলৈ অহা তিনি মহিলা প্ৰৱক্তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মহাবিদ্যালয় প্ৰাংগণত তেওঁলোকৰ প্ৰৱেশ নিষিদ্ধ কৰে আৰু শ্ৰেণী বৰ্জন কৰে। আনহাতে, মহিলা প্ৰবক্তা তিনিগৰাকীয়েও ছাত্ৰ একতা সভাৰ দাবী মানিবলৈ অস্বীকাৰ কৰে আৰু মাৰ্জিত তথা সুবিধাজনক চেলোৱাৰ-চুট পিন্ধি পাঠদান কৰা সিদ্ধান্ততে অটল থাকে। 

বজালীৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত সূচনা হোৱা প্ৰৱক্তাৰ পোছাক বিতৰ্কই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা যায়। সামাজিক মাধ্যমতো শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাকক লৈ দুটা পৃথক মতৰ সৃষ্টি হয়। একাংশই শিক্ষক-শিক্ষয়িত্ৰীয়ে যিকোনো মাৰ্জিত পোছাক পিন্ধাৰ পোষকতা কৰিলেও আন একাংশই কেৱল শাৰী বা মেখেলা-চাদৰ পিন্ধাৰহে পোষকতা কৰা পৰিলক্ষিত হয়।

এই সকলোবোৰৰ মাজতে শিক্ষা বিভাগে শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাক নিৰ্ধাৰণ কৰি নিৰ্দেশনা জাৰি কৰে। প্ৰথমাৱস্থাত চৰকাৰ আৰু শিক্ষা বিভাগৰ এই নিৰ্দেশনা আছিল বিদ্যালয় পৰ্যায়ৰ বাবেহে। এই সন্দৰ্ভত নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভূপেশ শৰ্মাই মন্তব্য প্ৰকাশ কৰি কয়, “অসম চৰকাৰৰ নিৰ্দেশনাখন বিদ্যালয় পৰ্য্যায়ৰ বাবেহে, মহাবিদ্যালয়ৰ বাবে নহয়।’’ তেওঁ এই বিষয়ত আলোচনাৰ মাজেৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও কয়। 

উল্লেখ্য যে নিৰ্মল হালৈ মহাবিদ্যালয়ত এই পোছাক বিতৰ্ক চলি থকা সময়ত অৰ্থাৎ ৮ আগষ্টত কেৱল মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনাখনহে বাহাল আছিল, তেতিয়ালৈ উচ্চ শিক্ষাসঞ্চালকালয়ৰ নিৰ্দেশনাখন প্ৰৱৰ্তন কৰা হোৱা নাছিল।

ইপিনে নিৰ্মল হালৈ মহাবিদ্যালয়ত অধ্যাপিকাৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজে ক্ষোভ প্ৰদৰ্শন কৰাক লৈ ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনে মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু আন জ্যেষ্ঠ অধ্যাপক-অধ্যাপিকাৰ উপস্থিতিত এই ঘটনা কেনেকৈ ঘটিবলৈ পালে বুলি প্ৰশ্ন কৰে আৰু ছাত্ৰই শিক্ষয়িত্ৰীৰ পোছাক নিৰ্ধাৰণৰ দৰে ম'ৰেল পুলিচিঙৰ ঘটনাৰ বাবে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী জনায়।

চৰকাৰী নিৰ্দেশনাৰ প্ৰতিক্ৰিয়া

শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাক পৰিধানৰ ওপৰত চৰকাৰে নিৰ্দেশনা জাৰি কৰাৰ পিছতে ৰাজ্যজুৰি দেখা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য্যকৰী সভাপতি উৎপল শৰ্মাই কয়, "শিক্ষা বিভাগে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাক কি পিন্ধিব, কি নিপিন্ধিব তাৰ নিৰ্দেশ দিবলৈ চেষ্টা কৰাটো দুৰ্ভাগ্যজনক। শিক্ষানুষ্ঠানসমূহে দৈনিক সন্মুখীন হৈ থকা হাজাৰ হাজাৰ মৌলিক শৈক্ষিক সমস্যা আছে, কিন্তু চৰকাৰ সেইবোৰৰ প্ৰতি উদাসীন আৰু এতিয়া অপ্ৰয়োজনীয় কিছুমান বিষয়ত জড়িত হৈছে যিবোৰৰ ৰাজ্যখনৰ সামগ্ৰিক শৈক্ষিক বিকাশত কোনো বিশেষ ভূমিকা নাই।"

আনহাতে নিউ আছাম ষ্টুডেণ্টছ এছ’চিয়েশ্যন নামৰ ছাত্ৰ সংগঠনটোৱে এক বিবৃতিযোগে চৰকাৰৰ শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাকৰ নিৰ্দেশনা দিয়া কাৰ্য্যক ফেচীবাদ আৰু ম'ৰেল পুলিচিং বুলি অভিহিত কৰি কয় যে চৰকাৰে শিক্ষক আৰু ছাত্ৰসমাজৰ প্ৰতি নিজৰ দায়িত্ব আৰু কৰ্তব্যহে পালন কৰা উচিত।

শিক্ষক-শিক্ষয়িত্ৰীসকলে কৰ্মস্থলীলৈ কি পিন্ধি যাব, কি ৰঙৰ কাপোৰ পিন্ধি যাব, সেয়া চৰকাৰে ৰাজহুৱাকৈ নিৰ্দেশনা জাৰি কৰি নিৰ্ধাৰণ কৰি দিয়া কাৰ্য্যই শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে আন সচেতন ৰাইজৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বহুতেই দাবী কৰিছে- শিক্ষকৰ পৰিচয় কেৱল তেওঁলোকৰ জ্ঞানৰ ভিত্তিত হোৱা উচিত, পোছাকৰ ওপৰত নহয়। এগৰাকী শিক্ষকে কি পিন্ধিব, কি খাব সেয়া নিৰ্ণয় কৰাৰ সম্পূৰ্ণ অধিকাৰ তেওঁৰ নিজৰ থাকিলেহে প্ৰকৃত শিক্ষা প্ৰদানৰ প্ৰতি তেওঁ মনোনিৱেশ কৰিব পাৰিব। এই সন্দৰ্ভত মতামত জানিবলৈ অসম কলেজ শিক্ষক সংস্থাৰ সৈতে একাধিকবাৰ যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও কোনো সঁ‌হাৰি পোৱা নগ'ল।

ড০ দীনেশ বৈশ্যৰ বিশেষ মন্তব্য

বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা ৰাজ্যৰ এগৰাকী বিশিষ্ট চিন্তাবিদ ড০ দীনেশ বৈশ্যই দিল্লী বিশ্ববিদ্যালৰ শিক্ষা বিভাগৰ প্ৰাক্তন ডীন, বিশিষ্ট বিজ্ঞানী আৰু সমাজসেৱক তথা বিশ্ববিখ্যাত অধ্যাপক অনিল সদগোপালৰ কথা সুঁৱৰি লিখিছে, “অনিল সদগোপালৰ সদায় পোছাক হ'ল জিঞ্চ পেন্ট আৰু কুৰ্তা। গ্ৰাম্য উন্নয়নৰ কাৰণে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ গৱেষণাৰ বাবে তেখেতে বিখ্যাত যমুনা লাল বাজাজ বঁ‌টা লাভ কৰিছিল। বিজ্ঞান শিক্ষাৰ বাবে তেখেতে হোমি ভাবা বঁ‌টা লাভ কৰিছিল। 'শিক্ষাৰ অধিকাৰ'ৰ উল্লেখযোগ্য পৃষ্ঠপোষক এইগৰাকী বিদগ্ধ পণ্ডিতে কিন্তু কেইবা দশক জুৰি জিন্স পিন্ধিয়েই শ্ৰেণীকোঠাত শিক্ষাদান কৰিছিল। কিন্তু অসম চৰকাৰৰ দৃষ্টিৰে চালে তেখেত মাত্ৰ এজন অশালীন পোচাক পিন্ধা শিক্ষকহে।“

বিশিষ্ট শিক্ষাবিদগৰাকীয়ে পদ্মশ্ৰী বীৰেন্দ্ৰ নাথ দত্তৰ কথা উল্লেখ কৰে। তেওঁ লিখিছে, 'শিক্ষাবিদ, ভাষাবিদ, লোককৃষ্টিৰ গৱেষক, গায়ক আৰু গীতিকাৰ মুক্ত চিন্তাৰ অধিকাৰী বীৰেন্দ্ৰ নাথ দত্তই সদায় খদ্দৰৰ ধূতি-কুৰ্তা পিন্ধি থাকিল। তেখেতে নিজে নিজৰ পচন্দ আৰু আৰামদায়ক ধূতি-কুৰ্তা পিন্ধে যদিও আনে নিজৰ পচন্দ আৰু সুবিধাৰ কাপোৰ পিন্ধাত কোনোবাই প্ৰতিবন্ধকতা লগোৱা কাৰ্য্যৰ সদায় বিৰোধ কৰে। ব্যক্তি-স্বাধীনতাৰ যুক্তিত এসময়ত তেওঁ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্মেৰে বান্ধি ৰখা কাৰ্য্যৰো বিৰোধিতা কৰিছিল।’

কেইটামান দশক আগলৈকে ছাত্ৰীসকলে কলেজলৈ চেলোৱাৰ-চুট পিন্ধি যোৱাটো এক অঘোষিত নিয়ম উলংঘন যেন আছিল। কিন্তু এতিয়া সেই চেলোৱাৰ-চুটেই ছাত্ৰীসকলৰ বাধ্যতামূলক ইউনিফৰ্মত পৰিণত হৈছে। তেন্তে শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাকৰ ক্ষেত্ৰত সমাজ আজিও ঠেক মনোবৃত্তিৰ হৈ কিয় আছে বুলিও বহুতে প্ৰশ্ন কৰিছে।

শিক্ষক-শিক্ষয়িত্ৰীসকলে কি কয়?

একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে NNOক জনায় যে তেওঁলোকে নিজৰ কৰ্মস্থলীলৈ কি পিন্ধি যাব লাগে, কেনেদৰে থাকিব লাগে, সেই বিষয়ে চিন্তা কৰিব আৰু সিদ্ধান্ত ল'ব পৰাকৈ তেওঁলোকৰ নিজা বিবেক, বিচাৰ-বিবেচনা আছে। তেওঁলোকৰ বিচাৰ-বিবেচনাৰ পৰিপক্কতাক বিশ্বাসত নলৈ এনেদৰে চৰকাৰী নিৰ্দেশনা জাৰি কৰি পোচাক নিৰ্ধাৰণ কৰি দিয়া কাৰ্য্যত তেওঁলোক সন্তুষ্ট নহয়। বিশেষকৈ শিক্ষয়িত্ৰীসকলে ব্যক্তিগত সমস্যা চম্ভালি, ঘৰুৱা কাম-কাজ প্ৰায়খিনি আগবঢ়াই থৈ, যাতায়াতৰ নামত বহুক্ষেত্ৰত তিনি-চাৰিখন বাহন সলনি কৰি, ভিতৰুৱা পিছপৰা কিছুমান ঠাইৰ ক্ষেত্ৰত নাঁ‌ৱেৰে নৈ আদি পাৰ হৈ কৰ্মস্থলীত উপস্থিত হয়। বহুতে এখন জিলাৰ পৰা আন এখন জিলালৈ দৈনিক অহা-যোৱা কৰে। এনে ক্ষেত্ৰত এই চৰকাৰী নিৰ্দেশনা আখৰে আখৰে পালন কৰাটো যথেষ্ট অসুবিধাজনক বুলি অধিকাংশই জনায়। 

ফৰ্মেল পেণ্ট-চাৰ্ট বা কুৰ্তা অতি যত্নেৰে ৰাখিব লাগে বাবে শিক্ষকসকলে পাঠদানৰ প্ৰস্তুতিৰ সলনি কাপোৰৰ প্ৰস্তুতিতহে মনোনিৱেশ কৰিবলগীয়া হয় বুলি শিক্ষকসকলে আপত্তি দৰ্শায়। তদুপৰি, বহু বিদ্যালয়-মহাবিদ্যালয়ত পৰিচালনা সমিতিয়ে বা প্ৰধান শিক্ষক বা অধ্যক্ষই চৰকাৰী নিৰ্দেশনাতো হস্তক্ষেপ কৰি চৰকাৰৰ পৰা অনুমতি থাকিলেও শিক্ষয়িত্ৰীসকলক চেলোৱাৰ-চুট পিন্ধি কৰ্মস্থলীলৈ অহাৰ অনুমতি দিয়া নাই এই অজুহাতত যে শিক্ষয়িত্ৰীয়ে বিদ্যালয়-মহাবিদ্যালয়লৈ চাদৰ-মেখেলা বা শাৰীৰ বাহিৰে অন্য পোচাক পিন্ধি আহিলে সেই শিক্ষানুষ্ঠানখনৰ ঐতিহ্য আৰু গাম্ভীৰ্য্য শেষ হৈ যাব। অথচ এনে বহু জ্যেষ্ঠ শিক্ষক-শিক্ষয়িত্ৰী বা অধ্যাপক-অধ্যাপিকা প্ৰায় সকলো শিক্ষানুষ্ঠানতে দেখা যায় যিয়ে কৰ্মস্থলীলৈ জাতীয় সাজপাৰেই পিন্ধি আহে কিন্তু তেওঁলোকৰ কৰ্তব্যনিষ্ঠা,  জ্ঞানৰ চৰ্চা আৰু শিক্ষাদানৰ মান অতি নিম্ন।

অধিকাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে নিৰ্দেশনাখনৰ বিষয়বস্তু সাধাৰণভাৱে সমৰ্থন কৰিছে। লগতে তেওঁলোকে মত প্ৰকাশ কৰিছে যে শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাকতকৈ বহুতো ডাঙৰ ডাঙৰ সমস্যা অসমৰ শিক্ষাখণ্ডত আৰু বিদ্যালয়-মহাবিদ্যালয়সমূহত চলি আছে। চৰকাৰে যদি অসমৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ আন্তঃগাঁ‌ঠনিৰ সমস্যা, শিক্ষা আৰু ফলাফলৰ মান, অনুশাসন, শিক্ষকৰ পদ বিলুপ্তিকৰণ, শিক্ষকৰ অভাৱত বিদ্যালয়সমূহৰ আন বিদ্যালয়ৰ লগত একত্ৰীকৰণ আদি বিষয়ত শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাক নিৰ্ধাৰণৰ সমানেই গুৰুত্ব দিয়ে, তেন্তে শিক্ষাখণ্ডৰ সামূহিক উন্নতি হোৱাৰ আশা কৰিব পাৰি বুলি বহুতে কয়। তদুপৰি, 'ডাটা এণ্ট্ৰি'ৰ দৰে তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ অফিচিয়েল দায়িত্বখিনি বিদ্যালয়-মহাবিদ্যালয় উভয়তে শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা নকৰাই তেওঁলোকক পাঠদানৰ প্ৰস্তুতি আৰু পাঠদানৰ বাবে পৰ্য্যাপ্ত সময় দিব লাগে বুলিও অধিকাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে মত প্ৰকাশ কৰে।

একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে কয় যে চৰকাৰী নিৰ্দেশনাটো ৰাজহুৱা নকৰি চৰকাৰে বিদ্যালয়-মহাবিদ্যালয়সমূহৰ প্ৰধান শিক্ষক বা অধ্যক্ষলৈ আনুষ্ঠানিকভাৱে কিন্তু ব্যক্তিগতভাৱে পঠিয়াব লাগিছিল। তেতিয়া প্ৰধান শিক্ষক আৰু অধ্যক্ষসকলে নিজে প্ৰয়োজনীয় পদক্ষেপ ল'লেহেতেঁ‌ন। তদুপৰি, শিক্ষক-শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ পোছাকক লৈ চৰকাৰে ৰাজহুৱাকৈ নিৰ্দেশ জাৰি কৰাৰ দৰে শিক্ষাখণ্ডত আৰু শিক্ষানুষ্ঠানসমূহত হৈ থকা ব্যাপক দুৰ্নীতিসমূহো ৰাজহুৱা কৰি ইয়াৰ বিৰুদ্ধেও ব্যৱস্থা ল'ব লাগে বুলি কয়। শিক্ষক-শিক্ষয়িত্ৰীয়ে পিন্ধাৰ অনুমতি থকা পোছাক আৰু ৰং পৰ্য্যন্ত ৰাজহুৱাকৈ চৰকাৰী নিৰ্দেশনা জাৰি কৰি চৰকাৰে শিক্ষকসমাজক অপমান কৰা যেন অনুভৱ কৰা বুলিও একাংশই মন্তব্য কৰিছে। শালীনতা ৰক্ষা কৰি কৰ্মস্থলীত পিন্ধা সকলো পোছাকেই মাৰ্জিত বুলি তেওঁলোকে কয়। লগতে কয় যে এগৰাকী ধূতি-চাপকন বা মেখেলা-চাদৰ, শাৰী পিন্ধি কৰ্মস্থলীলৈ যোৱা শিক্ষক বা শিক্ষয়িত্ৰীয়ে যিমান সন্মান পায়, নিষ্ঠা আৰু সমৰ্পনেৰে কাম কৰা আন যিকোনো মাৰ্জিত পোছাক পিন্ধা শিক্ষক বা শিক্ষয়িত্ৰীও সমানেই সন্মানৰ যোগ্য।

লক্ষণীয় যে, অসমত ২০১৭ চনতো মাহৰ প্ৰথম আৰু তৃতীয় শনিবাৰত সকলো চৰকাৰী কাৰ্য্যালয়ত কৰ্মচাৰী-বিষয়াক জাতীয় সাজপাৰ পিন্ধি আহিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছিল। কিন্তু চৰকাৰৰ সেই নিৰ্দেশ এতিয়া পাহৰণিৰ গৰ্ভত।

বিদেশত শিক্ষকে কেনে পোছাক পিন্ধে?

বিভিন্ন দেশৰ সভ্যতা, সংস্কৃতি, ৰীতি-নীতি, পৰম্পৰা, সামাজিক পৰিৱৰ্তনৰ দৃশ্যপট ভিন্ন। সেয়েহে বিভিন্ন দেশৰ সাধাৰণভাৱে গৃহীত কৰ্মস্থলীত শিক্ষক-শিক্ষয়িত্ৰীৰ 'ড্ৰেচ কোড' বা পোছাকৰ নিৰ্দেশনা বেলেগ বেলেগ। সাধাৰণতে আন দেশসমুহত শিক্ষকৰ বাবে ফৰ্মেল চুট বা ফৰ্মেল পেণ্ট-চাৰ্ট, ডিঙিত টাই আৰু ফৰ্মেল জোতা আৰু শিক্ষয়িত্ৰীসকলৰ বাবে ফৰ্মেল চুট বা পেণ্ট-চাৰ্ট-ব্লেজাৰ বা আঁ‌ঠুৰ তললৈ অহা গাউন-চাৰ্ট গ্ৰহণযোগ্য। 

আন কিছুমান দেশত পোছাকৰ কঠোৰ নিৰ্দেশনা নাই কিন্তু মাৰ্জিত শালীন পোছাক বাধ্যতামূলক, যাৰ ভিতৰত জিঞ্চ পেণ্টো অন্তৰ্ভুক্ত। কিছুমান দেশত শিক্ষকৰ বাবে কোনো নিৰ্দিষ্ট পোচাকৰ নিৰ্দেশনা নাই, য'ত সকলো মাৰ্জিত পোচাকেই গ্ৰহণযোগ্য। অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ নিজৰ অধ্যাপকসকলৰ বাবে নিৰ্দিষ্ট ড্ৰেচ কোড আছে, যদিও সেয়া শিথিল। তাত পুৰুষ অধ্যাপকসকলে ওপৰত উল্লেখ কৰা সাজপাৰখিনিয়েই পিন্ধিব পাৰে।

গোড়া মুছলমান দেশসমুহত শিক্ষয়িত্ৰীসকলৰ সাজপাৰক লৈ ধৰাবন্ধা নিয়ম থাকে। তেওঁলোকে আন মাৰ্জিত কাপোৰৰ লগতে হিজাব বা আবায়া পৰিধান কৰিবলগীয়া হয়। সময়ৰ লগে লগে এতিয়া সেই নিয়মো পূৰ্বৰ তুলনাত বহু সলনি হৈছে। বৰ্তমান সময়ত কছ'ভো, আজাৰবাইজান, টিউনিচিয়া আৰু তুৰ্কী-  এইকেইখন মুছলমান অধ্যুষিত দেশে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহত ছাত্ৰী-শিক্ষয়িত্ৰী উভয়ৰ বাবে বোৰ্খা নিষিদ্ধ কৰিছে।