ডিজিটেল ডেস্কঃ সেনা, চিআৰপিএফ আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ অভিযানত জালত পৰি নিহত হ’ল জইছ-ই-মহম্মদৰ নেতা৷ সোমবাৰে উত্তৰ কাশ্মীৰৰ লাদুৰা অঞ্চলত সংঘৰ্ষত নিহত হ’ল জইছ-মহম্মদৰ শীৰ্ষ নেতা বানাত খালিদ৷ জম্মু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান এছপি বৈদে এয়া এক বৃহৎ সাফল্য বুলি কয়৷

সেনাৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত আছিল কুখ্যাত সন্ত্ৰাসবাদীজন৷ সংঘৰ্ষত নিহত বানাত খালিদে পুলিছক টাৰ্গেট কৰি কেবাটাও ঘটনা সংঘটিত কৰিছিল৷ জম্মু কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোট, সেনা, চিআৰপিএফৰ যৌথ অভিযানত নিহত হয় খালিদ৷ প্ৰায় তিনি বছৰ ধৰি খালিদ উত্তৰ কাশ্মীৰৰ লাদুৰা অঞ্চলত সক্ৰিয় হৈ আছিল৷ সংগঠনত যুৱক ভৰ্তিৰ দায়িত্বতো আছিল খালিদ৷

কিছুদিন পুৰ্বে হান্দুৱাৰাৰ বিশেষ আৰক্ষী আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছিল খালিদে৷ A++ বিভাগৰ সন্ত্ৰাসবাদী আছিল৷ খালিদৰ মুৰৰ মুল্য আছিল সাত লাখ টকা৷ লাদুৰ অঞ্চলত খালিদে থিতাপি লৈ থকাৰ খবৰ লাভ কৰাত সেনা, চিআৰপিএফ আৰু সেনাই অভিযান চলাই৷ অভিযানৰ উমান পায় খালিদে গুলি চলোৱাৰ আৰম্ভ কৰে৷ সেনা, আৰক্ষী আৰু চিআৰপিএফে প্ৰত্যুত্তৰ দিয়াত নিহত হয় খালিদ৷