22
Mar
2019
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/baby-born-56-1485591966-163929-khaskhabar.jpg?itok=xYOxZLSV)
তেজপুৰঃ তেজপুৰৰ মেকনৰ চুবুৰীত শুকুৰবাৰে সংঘটিত হৈছে এক জঘন্য ঘটনা। নিজ মাতৃয়ে নিজ সন্তানক কুৱাত পেলাই দিয়াৰ ঘটনাই তেজপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
দেউতাকৰ নাম চিন্ময় নাথ (২৫) আৰু মাতৃৰ নাম চয়নিকা কলিতা দেৱী (১৬)। কিহৰ কাৰণে নিজ সন্তানক এনেদৰে মাতৃয়ে কুঁৱাত পেলাই দিলে ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নায়। সেই সময়ত সন্তানটোৰ পিতৃ ব্যৱসায়ৰ কামত ঘৰৰপৰা বাহিৰলৈ ওলাই গৈছিল, ঘটনাৰ সময়ত ঘৰত কেৱল সন্তানটোৰ মাতৃ আৰু দেউৰেক ঘৰত উপস্থিত আছিল।
২০ মিনিটমান সময়ৰ পাছতহে ৰাইজে এই ঘটনাৰ বিষয়ে গম পাই ঘটনাস্থলীত উপস্থিত হয়৷ যদিও উদ্ধাৰৰ যত্ন কৰিও স্থানীয় ৰাইজ সফল নহয়৷ বৰ্তমান আৰক্ষীয়ে সন্তানটোৰ মাতৃ, পিতৃ আৰু ঘৰত থকা শাহুৱেকক আটক কৰিছে।