তেজপুৰঃ অসমৰ সমগ্ৰ অঞ্চলত হাতী–মানুহৰ সংঘাতে এক জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনত হাতীৰ আক্ৰমণত ২০১০ চনৰপৰা আজি পয়ন্ত ৮১২ জন মানুহ নিহত হোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে। 

বন্য হস্তীয়ে যদি ক’ৰবাত মানুহ মাৰিছে অন্য ক’ৰবাত খেতিপথাৰ, ঘৰ–দুৱাৰ আদি ধ্বংস কৰিছে। মুহুৰ্ততে কৃষকৰ সপোন চুৰ–মাৰ কৰি দিছে বনৰীয়া হাতীয়ে। এই ক্ষতিগ্ৰস্ত লোকসকলে পাবলগীয়া ঘোষিত অৰ্থ সাহায্য লাভ কৰা নাই। এই অভিযোগ আৰটিআই কৰ্মী দিলীপ নাথৰ।

তেজপুৰত সাংবাদিকৰ আগত দিলীপ নাথে লগতে কয় যে হাতী–মানুহৰ সংঘাতৰ মূলতে ক’ব লাগিব হাতীৰ বাসস্থান সংকোচনৰ কথাটো। অভাৱনীয় হাৰত হাতীৰ বাসস্থান, খাদ্য হ্ৰাস পাই অহাৰ ফলত বনৰীয়া হাতীৰ জাক জনাঞ্চলত প্ৰৱেশ কৰিছে। তদুপৰি হাতী অহা–যোৱা কৰা প্ৰধান দণ্ডিসমূহো এতিয়া বে–দখলকাৰীৰ কৱলত। গতিকে হাতীবোৰ যাব কোন বাটে?

সম্প্ৰতি হাতী–মানুহৰ সংঘাত ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও আৰটিআই কৰ্মী দিলীপ নাথে অভিযোগ কৰে। বন বিভাগে ৰূপায়ন কৰা কেম্পা আঁচনিত বহুকোটি টকাৰ দুনীতি হোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে নাথে।