03
Apr
2019

তেজপুৰঃ তেজপুৰৰ বেবেজিয়াত আৰক্ষীয়ে জব্দ কৰে নগদ ধন আৰু এজন লোকক আটক কৰে।জনিব পৰা মতে, বেবেজিয়া আৰক্ষীয়ে তেজপুৰ অভিমুখে গৈ থকা এএছ ০১ ডিএক্স ৮৭২২ নম্বৰৰ এখন বিলাসী গাড়ীত অভিযান চলাই বেবেজিয়া আৰক্ষীয়ে নগদ ৭ লাখ ৮০ হাজাৰ টকা জব্দ কৰে। ঘৰপৰা চুবুৰিৰ দিপক কুমাৰ বৰুৱাৰ গাড়ীৰপৰা জব্দ কৰা নগদ ধন বুধবাৰে তেজপুৰ কোষাগাৰত জমা কৰে আৰু বৰুৱাক সোধপোচ অব্যাহত ৰাখিছে।