ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সততে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত অভিযোগ দাখিল কৰাৰ ৰগৰ ছ’চিয়েল মিডিয়াত চলি থাকে। মোদীয়ে হেনো কেজৰিৱালক কাম কৰিব নিদিয়ে।

কিন্তু বাস্তবতে মোদীক লৈ বিপাঙত পৰিছে কেজৰিৱাল। এই কেজৰিৱাল পিছে আচল কেজৰিৱালজন নহয়, এয়া হৈছে তেঁওৰ ৰাজনৈতিক কেৰিয়াৰৰ উত্থানক লৈ নিৰ্মিত হ’বলগীয়া ছবিখনৰ প্ৰটাগনিষ্ট কেজৰিৱাল।   

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জীৱনৰ ওপৰত নিৰ্মিত চলচিত্ৰ 'এন ইনচিগফিকেন্ট মেন’ৰ ক্ষেত্ৰত মোদীৰ অনুমতি ল’বলৈ দিছে 'দা চেন্ট্ৰেল বৰ্ড অব ফিল্ম চাৰ্টিফিকেছন’ (চি বি এফ চি)ৰ অধ্যক্ষ পহলাজ নিহলানীয়ে৷

নিহলানীৰ ভাষ্য মতে উক্ত চলচিত্ৰখন প্ৰদৰ্শনৰ বাবে তিনিগৰাকী ব্যক্তিৰ পৰা ল’ব লাগিব অনুমতি৷ এই তিনিগৰাকী ব্যক্তি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিলা দীক্ষিত আৰু অৰবিন্দ কেজৰীৱাল৷

চলচিত্ৰখনৰ পৰিচালক খুছবু ৰাংকা আৰু বিনয় শুক্লাই চেঞ্চৰ বৰ্ডৰ অধ্যক্ষৰ এই দাবীক নীতি বৰ্হিভুত আখ্যা দিছে৷ সমগ্ৰ বিশ্বৰ ৪০ টা চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে 'এন ইনচিগফিকেন্ট মেন’ প্ৰদৰ্শিত হৈছে৷

উল্লেখযোগ্য চলচিত্ৰৰ চেঞ্চৰ সম্পৰ্কীয় মন্তব্যৰে সততে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে অধ্যক্ষ নিহলানী৷ কেইদিনমান আগতেই চলচিত্ৰ মহোৎসৱত চলচিত্ৰ প্ৰদৰ্শনৰ বাবে চেঞ্চৰ বৰ্ডৰ অনুমতি ল’ব লাগে বুলি বিতৰ্কিত মন্তব্য কৰিছিল অধ্যক্ষগৰাকীয়ে৷