অভিলেখ গঢ়ি জেভলিন থ্ৰ’ত ভাৰতৰ হৈ নিৰজ চোপ্ৰাৰ প্ৰথমটো সোণৰ পদক

ডিজিটেল ডেস্ক,০৭ আগষ্টঃ টকিঅ’ অলিম্পিকত ইতিহাস সৃষ্টি কৰি নীৰজ চোপ্ৰাই ভাৰতক দিলে প্ৰথমটো সোণৰ পদক। সোণৰ পদক লাভ কৰা নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিকত নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰে। লগতে অলিম্পিকৰ ট্ৰেক এণ্ড ফিল্ডত স্বৰ্ণ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰিলে নীৰজে।

উল্লেখযোগ্য যে, ২০১৮ ৰ এছিয়ান গেমছত নীৰজে ৮৮.০৬ মিটাৰ দূৰত্ব জেভলিন থ্ৰ’ কৰি সোণৰ পদক লাভ কৰিছিল। হাৰিয়ানাৰ পানীপথ জিলাৰ খান্দাৰা গাঁৱত জন্মগ্ৰহণ কৰা নীৰজে চণ্ডীগড়ৰ ডি এ ডি কলেজত অধ্যয়ন কৰিছিল।

২০১৬ৰ ছাউথ এছিয়ান গেমছতো নীৰজে সোণৰ পদক দখল কৰিছিল। ২২ বছৰীয়া নীৰজ চোপ্ৰাই ২০১৩ত ৱৰ্ল্ড ইউথ চেম্পিয়নশ্বিপত ১৯ নম্বৰ স্থান হে অধিকাৰ কৰিছিল। কঠোৰ সাধনা আৰু পৰিশ্ৰমেৰে নীৰজ চোপ্ৰাই নিজকে অলিম্পিকলৈ সাজু কৰি তুলিছিল।টকিঅ’ অলিম্পিকৰ বাবে দীৰ্ঘদিন ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰত থাকি কঠোৰ অনুশীলন কৰা নিৰজে ১৩৫ কোটি ভাৰতীয়ক গৌৰৱান্বিত কৰাৰ সুযোগ দিয়া বাবে উৎসাহিত
হৈ পৰিছে ক্ৰীড়ানুৰাগী৷

ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত অঞ্জু ববী জৰ্জৰ পাছত কোনো বিশ্বস্তৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰা নীৰজ দ্বিতীয়গৰাকী ভাৰতীয়। অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা নীৰজৰ খেলৰ সামগ্ৰী ক্ৰয় কৰিলৈও এসময়ত ধনৰ অভাৱ হৈছিল।

টকিঅ’ অলিম্পকত নীৰজে প্ৰথম প্ৰচেষ্টাতে জেভলিন থ্ৰ’ৰ ফাইনেলত প্ৰৱেশ কৰি পদক লাভৰ দাবীদাৰ হৈ পৰিছিল। ইয়াৰ পাছত ৭ আগষ্ট, শনিবাৰে নীৰজে ফাইনেল খেলখনত প্ৰথম প্ৰচেষ্টাত ৮৭.০৩ মিটাৰ জেভনীল থ্ৰ’ কৰাৰ পাছত দ্বিতীয় প্ৰচেষ্টাত ৮৭.৫৮ জেভলীন থ্ৰ’ কৰি নিজৰ স্বৰ্ণ পদক নিশ্চিত কৰে।

ইয়াৰ লগে লগে অলিম্পিকত ব্যক্তিগত ইভেণ্টত স্বৰ্ণ পদক লাভ কৰা নীৰজ দেশৰ দ্বিতীয়জন খেলুৱৈ। ইয়াৰ পূৰ্বে অভিনৱ বিন্দ্ৰাই বেইজিং অলিম্পিকত স্বৰ্ণ জয় কৰিছিল।