27
Jul
2021
লাভলিনা বৰগোহাঁই কোৱাৰ্টাৰ ফাইনেলত
৩-২ ব্যৱধানত হৰুৱালে জাৰ্মানীৰ খেলুৱৈক

টকিঅ’: টকিঅ’ অলিম্পিকত সুন্দৰ প্ৰদৰ্শনেৰেে প্ৰতিপক্ষ জাৰ্মানীৰ খেলুৱৈ এন আপ্টেক ৩-২ ৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে লাভলিনা বৰগোহাঁইয়ে৷আজি অনুস্থিত খেলত লাভলিনাই প্ৰতিপক্ষক কোনো সুযেগেই নিদিলে৷লাভলিনাৰ এই প্ৰদৰ্শনত উৎসাহিত হৈ পৰিছে অসমৰ লগতে ভাৰতীয় ক্ৰীড়াপ্ৰেমী৷লাভলিনাৰ পৰৱৰ্তী খেল কোৱাৰ্টাৰ ফাইনেল হব ৩০ জুলাইত৷এই খেলত জয়ী হলেই পদকৰ নিশ্চয়তা লাভ কৰিব আৰু এক ইতিহাস সোণালী আখৰেৰেে লিখা যাব৷