ডিজিটেল ডেস্কঃ জন্মু-কাশ্মীৰৰ শ্ৰীনগৰত প্ৰতিবাদকাৰীৰ ক্ষোভৰ বলি হ'ল চেন্নাইৰ এজন যুৱক৷ সোমবাৰে চেন্নাইৰ আৰ থিৰুমনী নামৰ এগৰাকী যুৱ পৰ্যটক শ্ৰীনগৰৰ সমীপত এক প্ৰতিবাদী কাৰ্যৰ ফলত শিলত খুন্দা খাই দুৰ্ঘটনগ্ৰস্থ হৈ মৃত্যু ঘটে৷ 

শ্ৰীনগৰৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সোমবাৰে আৰ থিৰুমনী নামৰ ২২ বৰ্ষীয় পৰ্যটক এজনে মাতৃ-পিতৃৰ সৈতে গুলমৰ্গৰ এখন ৰিজোৰ্টলৈ গৈ থকা সময়তে কেইবাগৰাকীও প্ৰতিবাদকাৰীয়ে তেওঁলোকৰ গাড়ীখন আৱদ্ধ কৰে৷ 

এগৰাকী আৰক্ষী বিষয়াই কয় যে, প্ৰতিবাদকাৰীসকলে পৰ্যটকগৰাকীৰ বাহনলৈ শিল দলিয়াইছিল৷ আৰক্ষীয়ে মন্তব্য প্ৰকাশ কৰা অনুসৰি পৰ্যটকগৰাকীয়ে পথত নিৰাপত্তাৰক্ষী উপস্থিত থকা সময়তে গুলমৰ্গ অভিমুখে ৰাওনা হৈছিল৷ 

‘‘যুৱকজন আৰু তেওঁৰ পৰিয়ালটোৱে তেওঁলোকৰ তেভেৰা বাহনখন চলাই নি থকা অৱস্থাত উদণ্ড প্ৰতিবাদকাৰীয়ে তেওঁলোকৰ বাহনলৈ শিল দলিয়াবলৈ আৰম্ভ কৰে৷ প্ৰতিবাদকাৰীয়ে দলিওৱা শিলে পৰ্যটকগৰাকীৰ বাহনখনৰ ক্ষতিসাধন কৰে৷ এটা শিলে তেওঁৰ মুৰত আঘাত কৰাত তেওঁ গুৰুতৰ ভাৱে আহত হয়৷ তেওঁক হস্পিতাললৈ লৈ যোৱা হয় যদিও তেতিয়ালৈ চেন্নাইৰ আৰ থিৰুমনী নামৰ পৰ্যটকগৰাকীৰ মৃত্যু ঘটে৷’’- যুৱকৰ মৃত্যু সন্দৰ্ভত এই মন্তব্য কৰে মাগাম এছডিপিঅ’ৰ শ্বোকাত আহমেদে৷

উল্লেখ্য যে, ১ মে’ত অনন্তনাগৰ এশ্মুগাম অঞ্চলত পৰ্যটকৰ ৩ খন বাহনত প্ৰতিবাদকাৰীয়ে আক্ৰমণ চলোৱাত ৫ গৰাকী পৰ্যটক আহত হৈছিল৷ 

ইফালে এই ঘটনাক নিন্দা কৰি এনচিৰ নেতা ওমৰ আব্দুল্লাই কয়, ‘‘আমি এখন বাহনত শিলেৰে আক্ৰমণ কৰি এগৰাকী পৰ্যটকক হত্যা কৰিছোঁ৷ এয়া এক নিন্দনীয় ঘটনা৷ আমি এগৰাকী অতিথিক হত্যা কৰিবলৈ শিলৰ ব্যৱহাৰ কৰিলোঁ৷ ইয়াতকৈ আৰু আমাৰ বাবে লজ্জাজনক কথা কি হ’ব পাৰে!’’